মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যাটো ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে : বিক্ৰমজিৎ ৰায়

“মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যাটো ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে”, এই কথা সদৰী কৰে চিলাৰায় উন্নয়ন মঞ্চৰ সভাপতি তথা কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ পাৰিষদ বিক্ৰমজিৎ ৰায়ে ।

নহ’লে তেওঁ নিৰ্বাচনৰ প্ৰাক্‌ক্ষণত কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ কাম ইতিমধ্যে ৯০ শতাংশ আগবাঢ়িছে বুলি ঘোষণা কৰিছিল অথচ নৱবৰ্ষৰ প্ৰথম দিনাখনেই তেওঁ সম্পূৰ্ণ ওলোটা মন্তব্য কৰি সমগ্ৰ বিষয়টো পুনৰ বিতৰ্কৰ মাজত ঠেলি দিলে ।

যি বিষয়টো কোচ ৰাজবংশী জাতীয় সংগঠন চিলাৰায় উন্নয়ন মঞ্চই সহজভাৱে মানি ল’ব পৰা নাই ।

মুখ্যমন্ত্ৰীৰ জনজাতিকৰণ মন্তব্যক লৈ আজি পাৰিষদ ৰায়ে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

পহিলা জানুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত যি মন্তব্য প্ৰদান কৰে তাকে লৈ সমগ্ৰ ৰাজ্যজুৰি জনজাতিকৰণৰ দাবী কৰা সংগঠন সমূহৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰক লৈ এতিয়া নতুন কৈ বিভাজনমুখী নীতি অৱলম্বন কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে বিক্ৰমজিৎ ৰায়ে ।

কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠন কৰি কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ সংগ্ৰামক মষিমূৰ কৰিব বিছাৰিছে যদি সেইটো তেওঁৰ ভুল ধাৰণা ।

কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ আৰু পৃথক কমতাপুৰ ৰাজ্য দাবী যদি সোনকালে পুৰণ নকৰে, আগন্তুক সময়ত পুনৰ বৃহৎ গণ আন্দোলন গঢ়ি তোলা হ’ব বুলিও সকিয়াই দিয়ে ।

Exit mobile version