সহযোগ নিধিৰ জৰিয়তে অতি সহজে সৰ্ব সাধাৰণ ৰাইজৰ কাষ চাপিছে বিজেপি-য়ে

ভাৰতীয় জনতা পাৰ্টীয়ে সাংগঠনিক ভেটি অধিক শক্তিশালী কৰিবৰ বাবে ন ন পন্থা অৱলম্বন কৰি আহিছে । এইবাৰ সহযোগ নিধিৰ জৰিয়তে অতি সহজভাৱে সৰ্ব সাধাৰণ ৰাইজৰ কাষ চাপিছে বিজেপিৰ ৰাজ্যিক আৰু বৰপেটা জিলাৰ কাৰ্যকৰ্তাসকলে । বিজেপিৰ বৰপেটা জিলা সংখ্যালঘু মৰ্চাৰ উদ্যোগ আৰু জনীয়া মণ্ডল বিজেপিৰ সহযোগত দেওবাৰে মেধিৰটাৰীত এখন সহযোগ নিধি সভা অনুষ্ঠিত হয় ।

বৰপেটা জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি ধনী আলীৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা সভাখনত বিজেপিৰ কাৰ্যকৰ্তা আৰু শুভাকাংক্ষীৰ পৰা ৫০ৰ পৰা হেজাৰ টকা পৰ্যন্ত ধন সংগ্ৰহ কৰা দেখা যায় । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ মৰ্মে সাংগঠনিক কাম-কাজ কৰাৰ ক্ষেত্ৰত যাতে বিজেপি কৰ্মকৰ্তাসকলে কাৰো ওচৰত হাত পাতিবলগীয়া নহয় আৰু যাতে ৰাজ্যত চান্দা সংস্কৃতি বন্ধ হয় তাৰ বাবে বিজেপি কৰ্মকৰ্তা আৰু বিজেপিৰ শুভাকাংক্ষীৰ পৰা এই ধন লোৱা হৈছে বুলি কয় কৰ্মকৰ্তাসকলে ।

কোনো ব্যৱসায়ী, ঠিকাদাৰ বা চাকৰিয়াল ব্যক্তিৰ দাবী এই ধন সংগ্ৰহ কৰা নহয় বুলিও জানিব দিয়ে বিজেপিৰ নেতাসকলে । বিজেপিৰ এই সহযোগ নিধি যে অতি আন্তৰিকতাৰে সৰ্বসাধাৰণ ৰাইজে আঁকোৱালী ল’ব সেয়া মেধিৰটাৰীত অনুষ্ঠিত হোৱা সহযোগ নিধি সভাখনৰ সহযোগিতাৰ পৰা অনুমান কৰিব পৰা হৈছে ।

সভাত বিজেপিৰ অসম ৰাজ্যিক উপ-সভাপতি তথা বৰপেটা জিলা প্ৰভাৰী জয়ন্ত কুমাৰ দাস, বৰপেটা জিলাৰ সহকাৰী প্ৰভাৰী শশাংক জ্যোতি ডেকা, বৰপেটা জিলা সভাপতি অনিল কুমাৰ দাস, বৰপেটা জিলাৰ সাধাৰণ সম্পাদকদ্বয়, হেমন্ত কুমাৰ দেউৰী, নীপা কলিতা, বৰপেটা জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি ধনী আলী, বৰপেটা জিলাৰ সংখ্যালঘু মৰ্চাৰ উপ-সভাপতি আব্দুল মোতলেব, জনীয়া মণ্ডলৰ সভাপতি গজেন্দ্ৰ দাস, বৰপেটা জিলাৰ সংখ্যালঘু মৰ্চাৰ সম্পাদক জমিৰ হুছেইনকে ধৰি ভালে সংখ্যক নেতা-কৰ্মী উপস্থিত থাকে ।

Exit mobile version