সাহিত্য একাডেমি পুৰস্কাৰপ্ৰাপ্ত গ্ৰন্থৰ উপহাৰেৰে বজালীত শিক্ষাৰ্থীক প্ৰতিষেধক প্ৰদান

WhatsApp Image 2022 01 03 at 6.05.26 PM

বজালী জিলাৰ ১৬খন শিক্ষানুষ্ঠানৰ ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ শিক্ষাৰ্থীক আজি সাহিত্যক একাডেমী বঁটা বিজয়ী অনুৰাধা শৰ্মা পূজাৰীৰ গ্ৰন্থৰ উপহাৰেৰে ক’ভাক্সিন প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰে আৰম্ভ কৰে বজালী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে খাৰাধৰাস্থিত কালীমন্দিৰ হাইস্কুলত ।

মন কৰিবলগীয়া যে, আজি জিলাখনৰ ১৬খন শিক্ষানুষ্ঠানৰ দুহেজাৰ শিক্ষাৰ্থীক সামৰি প্ৰতিষেধক প্ৰদান কৰিব লগা কাৰ্যসূচীত প্ৰতিখন শিক্ষানুষ্ঠানত যিগৰাকী শিক্ষাৰ্থীয়ে প্ৰথম প্ৰতিষেধক ল’ব তেওঁক অনুৰাধা শৰ্মা পূজাৰীৰ গ্ৰন্থখন আগবঢ়োৱা হ’ব । জিলা উপায়ুক্ত দেৱ চৌধুৰীয়ে জনোৱা অনুসৰি শিক্ষাৰ্থীসকলক সুৰক্ষিত কৰাৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ছয় জানুৱাৰীৰ ভিতৰত জিলাখনৰ ১০ হেজাৰ শিক্ষাৰ্থীক প্ৰথম পালি প্ৰতিষেধক শৃংখলাবদ্ধ ৰপত দিবলৈ প্ৰশাসনে নিঁখুতকৈ যাৱতীয় পৰিকল্পনা প্ৰস্তুত কৰিছে ।

উল্লেখ্য যে ইতিমধ্যে প্ৰথম আৰু দ্বিতীয় পালি প্ৰতিষেধক জিলা প্ৰশাসনে বজালী জিলাত এশ শতাংশই সম্পূৰ্ণ কৰি তোলাৰ উপৰিও আধাৰ কাৰ্যক্ৰমো এশ শতাংশই সম্পূৰ্ণ কৰি এক প্ৰকাৰ নজিৰেই দাঙি ধৰিছে । ইফালে, আজিৰে পৰা আৰম্ভ হোৱা শিক্ষাৰ্থীৰ প্ৰতিষেধক কাৰ্যসূচীত প্ৰতিখন বিদ্যালয়ত কাৰ্যবাহী দণ্ডাধীশৰ তদাৰক অব্যাহত থাকিব বুলি উপায়ুক্ত চৌধুৰীয়ে জনাইছে ।

Exit mobile version