আমেৰিকা, ব্রিটেইনসহ সমগ্ৰ বিশ্বতে উর্ধ্বমুখী অ’মিক্রনৰ (Omicron) গ্রাফ । ভাৰততো একেই অৱস্থা । কৰ’নাৰ এই নতুন প্রজাতি ডেল্টাৰ দৰেই ভয়ংকৰ নেকি ? সাধাৰণ মানুহৰ মনত এই প্রশ্নই আওল লগাই থকাৰ সময়তে আশাৰ বাণী শোনালে ইজৰাইলৰ চিকিৎসক আফছাইন এমৰানিয়ে ।
টুইটাৰত এমৰানিয়ে লিখে, “অ’মিক্রন (Omicron) প্ৰকৃততে এটা ভেকচিন । এই ভেকচিন কোনো সংস্থাই তৈয়াৰ কৰিব পৰা নাই । অক্সিজেন নালাগে, সংকট নাই, হাস্পাতালৰ প্রয়োজন কম । ই গণ ৰোগ প্রতিৰোধ ক্ষমতা তৈয়াৰ কৰিব । ডেল্টাৰ স্থান দখল কৰিব অ’মিক্রনে (Omicron) । আখৰ পৰা ১২ সপ্তাহৰ ভিতৰত সমগ্ৰ বিশ্বতে টিকাকৰণ হৈ যাব । আতংকিত হোৱাৰ কোনো কাৰণ নাই । প্রকৃতিৰ প্ৰতি কৃতজ্ঞ হোৱা উচিত । এইটো প্ৰকৃততে এটা আশীর্বাদ ।”
আফছাইন এমৰানিৰ স’তে একমত কলকাতাৰ বহু চিকিৎসক । ক’ভিড বিশেষজ্ঞ যোগীৰাজ ৰায়ে শেহতীয়া এক সাক্ষাৎকাৰত কয়, “অ’মিক্রন (Omicron) এটা মাইল্ড ডিজিজ । আমাৰ ইয়াত সৰহসংখ্যকেই ডেল্টাত আক্রান্ত হৈছে বুলি ধাৰণা কৰা হৈছে । সাধাৰণতে সাতৰ পৰা ১৪ দিনৰ ভিতৰত শৰীৰত অক্সিজেন কমি থাকে । ফলত আৰু দুসপ্তাহৰ ভিতৰত বুজিব পৰা যাব যে এই ছার্জে অক্সিজেন কমাই নে নাই । যদি অক্সিজেন কমি নাযায় আৰু যদি সকলোৱে অ’মিক্রনত আক্ৰান্ত হয়, তেন্তে আমি এটা ইমিউনিটী পায় যাব পাৰো । ক’ভিড হ’লে সকলোৰে শৰীৰত ৰিয়েল ইমিউনিটী তৈয়াৰ হয় আৰু আমি ভেকচিন লাভ কৰিছো । ফলত মিশ্র ইমিউনিটী তৈয়াৰ হ’লে, ইয়াতকৈ ভাল আৰু কি হ’ব পাৰে ।”
উল্লেখ্য যে অ’মিক্ৰনত সাধাৰণ কাঁহ, চর্দি, জ্বৰ, মূৰৰ বিষ, বমি ভাব, ক্ষুধা নাশৰ দৰে মৃদু উপসর্গ দেখা যায় ।