Twitter Hack : আইএমএ-সহ একাধিক গুৰুত্বপূর্ণ চৰকাৰী টুইটাৰ হেণ্ডেল হেক

1641191000 elon musk twitter

ইণ্ডিয়ান কাউন্সিল অৱ ৱর্ল্ড এফেয়ার্ছ (আইচিডব্লিউএ), ইণ্ডিয়ান মেডিকেল এছ’চিয়েছন (আইএমএ) আৰু মান দেশি মহিলা বেংক (মাইক্র’ফাইনেন্স বেংক)-ৰ টুইটাৰ হেণ্ডেল হেক হয় দেওবাৰে । হেক কৰা হেণ্ডেলবোৰৰ নামো পৰিৱর্তন কৰে অভিযুক্ত হেকাৰে । অভিযুক্তসকলে আইচিডব্লিউএ আৰু আইএমএ-ৰ টুইটাৰ একাউন্ট দুটাৰ নাম পৰিৱর্তন কৰি বিশ্বৰ সৰ্বোচ্চ ধনী ব্যক্তি ‘ইলন মাস্ক’-ৰ নামত ৰাখে ।

সূত্রৰ খবৰ, হেকাৰে পাছৱর্ড জানি যোৱাৰ ফলত বা যিসকলে এই একাউন্ট দুটা চলায়, তেওঁলোকে এটা ভুল লিংকত ক্লিক কৰাৰ ফলতেই একাউন্ট দুটা হেক কৰিব পৰা গৈছে । আইচিডব্লিউএ-ৰ টুইটাৰ একাউন্ট হেকাৰসকলৰ পৰা উদ্ধাৰ কৰা হৈছে যদিও, ইণ্ডিয়ান মেডিকেল এছ’চিয়েছন (আইএমএ) আৰু মান দেশি মহিলা বেংকৰ টুইটাৰ এতিয়াও হেকাৰসকলেই চলাই আছে । আইচিডব্লিউএ, এটা ৰাষ্ট্ৰীয় গুৰুতৰ প্রতিষ্ঠান আৰু পদাধিকাৰবলত ইয়াৰ ক্ষমতাত আছে উপ-ৰাষ্ট্রপতি বেংকইয়া নায়ডু ।

বৈদ্যুতিক আৰু তথ্যপ্রযুক্তি মন্ত্রণালয়ৰ নিৰাপত্তা বিভাগে ইতিমধ্যে বিষয়টো পৰ্যবেক্ষণ কৰিবলৈ তৎপৰ হৈছে । প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত টুইটাৰ হেণ্ডলটোও ১২ ডিচেম্বৰত কিছু সময়ৰ বাবে হেক কৰা হৈছিল । পাছত হেকাৰসকলৰ পৰা উদ্ধাৰ কৰা হয় যদিও, তাৰ আগতেই সেই একাউন্টৰ পৰা ক্রিপ্ট’কাৰেন্সিৰ প্রচাৰ কৰি কিছু টুইট কৰা হৈছিল । পাছত অৱশ্যে তেওঁৰ একাউন্টৰ পৰা টুইটবোৰ মচি পেলোৱা হয় ।

Exit mobile version