Covid 19 :১৫ জানুৱাৰীৰ ভিতৰত কেৱল দিল্লীত দৈনিক সংক্ৰমণ হ’ব পাৰে ২০-২৫ হেজাৰ

1641286654 delhi

১৫ জানুৱাৰীৰ ভিতৰত দিল্লীত দৈনিক ক’ভিড আক্ৰান্তৰ সংখ্যা ২০-২৫ হেজাৰ হোৱাৰ সম্ভাৱনা আছে। মঙলবাৰে এই আশংকা প্ৰকাশ কৰিছে চৰকাৰী এটা সূত্ৰই ।

মঙলবাৰে ৰাজধানীত নতুনকৈ ক’ভিড আক্ৰান্ত হৈছে পাঁচ হেজাৰৰো অধিক লোক । সংক্ৰমণৰ হাৰ ৮.৫ শতাংশ। যি হাৰত সংক্ৰমণ বৃদ্ধি পাইছে তাৰ ফলত ৰাজধানীত তলাবন্ধৰ হ’ব নে নাই তাক লৈ এতিয়া জল্পনাঃ কল্পনা চলিছিল ।যদিও স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনে জনাইছে, এতিয়া তলাবন্ধৰ নিদিয়ে চৰকাৰে।

সমগ্ৰ দেশতে ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে। অ’মিক্ৰনৰ বাবে ইয়াৰ সংখ্যা অধিক বৃদ্ধি পাইছে । মহাৰাষ্ট্ৰ আৰু দিল্লীৰ পৰিস্থিতি এতিয়া ভয়ংকৰ।

সোমবাৰে ৰাজধানীত দৈনিক চাৰি হেজাৰৰো অধিক সংক্ৰমণ আছিল। কিন্তু এই সংখ্যাটো অনাগত দিনবোৰত অধিক বিপদজনক স্তৰত উপনীত হ’ব পাৰে। চৰকাৰী সূত্ৰই সেইটোৱেই সূচায়।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ এটা শীৰ্ষ সূত্ৰই জনাইছে,অহা আঠ জানুৱাৰীৰ,ভিতৰত দিল্লীত দৈনিক সংক্ৰমণ হ’ব পাৰে আঠৰ পৰা ন হেজাৰ ।

লগতে অ’মিক্ৰনক কোনো ধৰণে সহজভাৱে নল’বলৈও সতৰ্ক কৰি দিয়া হৈছে। সূত্ৰটোৱে লগতে কয় যে এইমছকে ধৰি ৰাজধানীৰ বিভিন্ন চিকিৎসালয়ত ভৰ্তি হোৱাৰ সংখ্যা বৃদ্ধি পাইছে, যিটো অতি উদ্বেগজনক। চৰকাৰী সূত্ৰই কয় যে সংক্ৰমণ বৃদ্ধি হোৱাৰ লগে লগে চিকিৎসালয়ত ভৰ্তি হোৱাৰ সংখ্যাও বৃদ্ধি পাব।

এইমছৰ সূত্ৰ অনুসৰি, যোৱা দুই-তিনি দিনত ৫০ জনৰো অধিক ৰোগী ভৰ্তি কৰা হৈছে। চিকিৎসালয়ত ৰোগীৰ সংখ্যা যি ধৰণে বৃদ্ধি হৈছে কৰ্মচাৰীসকলক শীতকালীন ছুটি হ্ৰাস কৰি দ্রুত কামত যোগদান কৰিবলৈ কৈছে।

সোমবাৰে দিল্লীত ক’ভিড সংক্ৰমণৰ হাৰ আছিল ৬.৪৬ শতাংশ। প্ৰশাসনৰ সূত্ৰ অনুসৰি, যদি সংক্ৰমণৰ হাৰ একেৰাহে দুদিনতকৈ অধিক সময়ৰ বাবে পাঁচ শতাংশৰ ওপৰত হয়, চৰকাৰে চূড়ান্ত সাৱধানতা আৰু কঠোৰ প্ৰতিবন্ধকতা জাৰি কৰিব পাৰে। ৰাজধানীত বৰ্তমান হালধীয়া সতৰ্কতা আছে।

স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনে জনাইছে, জিন পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা নমুনাৰ ৮১ শতাংশই অ’মিক্ৰনত আক্ৰান্ত বুলি ধৰা পৰিছিল। সোমবাৰে দিল্লীত নতুন ক’ভিডৰ দ্বাৰা চাৰি হাজাৰ ৯৯ জন লোক আক্ৰান্ত হৈছিল।

ক’ভিড সংক্ৰমণৰ বৃদ্ধিত সপ্তাহান্তত কাৰফিউ জাৰি কৰাৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। সংক্ৰমণ প্ৰতিৰোধৰ বাবে কি পদক্ষেপ লোৱা উচিত সেই সিদ্ধান্ত ল’বলৈ মঙলবাৰে বৈঠকত মিলিত হৈছিল দিল্লী বিপর্যয় মোকাবিলা কৰ্তৃপক্ষ । সূত্ৰসমূহে কয় যে প্ৰাথমিকভাৱে সংক্ৰমণৰ পৰিস্থিতি বিবেচনা কৰি অঞ্চল অনুসৰি বিধিনিষেধ আৰোপ কৰা হ’ব পাৰে। সংক্ৰমণৰ ওপৰত আধাৰিত কৰি অঞ্চলসমূহক বিভিন্ন ৰঙত বিভক্ত কৰিব পাৰি।

Exit mobile version