দিনটোৰ ৰাশিফল

HORO2 1

মেষ : আনৰ লগত তুলনা কৰাটো আপুনি ভাল নাপাব। নিজৰ ভাৱমূর্তিৰ প্রতি আপােনাৰ থকা দৃঢ়তা ৰক্ষা কৰিব পাৰিব। বিয়া-বাৰুৰ কথা-বতৰাত আগুৱাব পাৰে। প্রেম-প্রীতিত অনুকূল।

বৃষ : কিছু সন্দেহ আৰু কষ্টেৰে আজি পাৰ কৰি দিলে খুব আহুকালত পৰিব নালাগিব। শৰীৰ মধ্যম। মূল কথাত মন দিয়ক, কিছু হলেও কৃতকার্য হ’বই। ভ্ৰমণৰ সম্ভাৱনা আছে।

মিথুন :ক্রমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ-অশান্তি দেখা যায়। দাম্পত্যতাে তেনে আভাস আছে। শৰীৰ মধ্যম। পৰাপক্ষত স্পষ্টভাষী হ’বলৈ যত্ন কৰক।

কর্কট : মন ফৰকাল নাথাকিব। কর্মক্ষেত্ৰত অৱশ্যে কিছু দায়িত্ব পৰিবও পাৰে। ঘৰুৱা কথাত সামান্য উদাসীনতা। ভ্ৰমণত কষ্ট। নিজৰ ৰুচিৰ কামত অৱশ্যে পৰিৱৰ্তন নাপাব। বাধা দুই-এটা আছে।

সিংহ : কোনাে স্বভাৱগত তেজস্বিতা কাৰাে আগত নেদেখুৱাব। ইয়াক কৰ্মৰ মাজতে ব্যৱহাৰ কৰক। পিতৃ-মাতৃৰ বাবে সামান্য চিন্তা। দাম্পত্যতাে কিছু চিন্তা থাকিব। অৱশ্যে বিবাহ বা জীৱিকাৰ উন্নতি হ’ব।

কন্যা :কর্মতৎপৰতা বৃদ্ধি পাব। তাৰ পৰা নতুন কর্মচাৰীয়ে প্রশংসিত হ’ব। আর্থিকত খুব বেয়া নহ’ব আজিৰ দিনটোত। দাম্পত্যত মধ্যম। সন্তানৰ চিন্তা আঁত বিচাৰি নাপাব। বিদ্যাত উন্নতি।

তুলা : কোনাে কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনাে সংস্থাৰ পৰা স্বীকৃতি লাভ। শৰীৰ পিছে খুব ভালেৰে যােৱা টান হ’ব। কিবা নতুন এটা কৰি দেখুৱাৰাে হাবিয়াস আছে।

বৃশ্চিক: কার্যকৰী সংযােগত অনুকূল। আর্থিকতাে আশাপ্রদ। কিন্তু সাময়িক উৎকণ্ঠা থাকিব। মনােবল বঢ়াওক। গৃহৰ স্বাৰ্থত কিছুমানত এৰা-ধৰা কৰিব। পঢ়াত মধ্যম। হঠাৎ কোনাে সমস্যাৰ সন্মুখীন হলেও দুশ্চিন্তা
নানিব।

ধনু : আর্থিকৰ বাবে কৰা চেষ্টাত কিছু সুফল দেখিব। আনহাতে, বুজন পৰিমানৰ খৰচৰ বাবেও প্রস্তুত থকাটো ভাল। বিদ্যাত চিন্তা কম যদিও ব্যস্ততা থাকিব। পিচবেলা বিবিধ উন্নতি।

মকৰ : উৎকণ্ঠাৰে কটাব লগা হ’ব পাৰে। কর্মতাে মন চঞ্চল হ’ব পাৰে। কোনাে খবৰত বৰ সুখী নহ’ব পাৰে। আর্থিকতাে চিন্তা। কিবা নতুন চেষ্টাৰ বাবে মনলৈ সাহস গােটাব পাৰিব। প্রেমত শুভ।

কুম্ভ: পিচবেলা কোনাে ক্ষেত্রত নিৰাশ হ’ব পাৰে। অৱশ্যে আগবেলা তাৰ কিছু ওলােটা ফল দেখিব। প্রয়ােজনীয় ক্ষেত্ৰত সেয়ে সাৱধানে চলক। দাম্পত্যত মধ্যম। শৰীৰ ভাল হলেও উদ্বেগ এৰাব নােৱাৰিব।

মীন : কর্মস্থানত আৰু পাৰিবাৰিক ক্ষেত্ৰত খুব উৎসাহজনক দেখা নাযায়। নিজে ভবা মতে সকলাে দিশেই দুৱাৰ খােলা নাপাব। শৰীৰ সম্পর্কেও সচেতন থাকক। ভ্রমণাদিত একেবাৰে অন্য মনস্ক হ’ব। দুষ্ট চিন্তা নকৰিব।

Exit mobile version