নিৰ্বাচনৰ ফলাফল ঘোষণা পূৰ্বে কটনৰ একাংশ শিক্ষাৰ্থীৰ উদ্ভণ্ডালি

নিশা ১২ বজাত সীতানাথ ব্ৰক্ষ্ম চৌধুৰী ছাত্ৰাবাসৰ একাংশ ছাত্ৰ‌ই অশ্ৰাব্য গালি-গালাজ কৰাৰ লগতে শিল, মদৰ বটল, লাঠী দলিয়াই ।

মদৰ বটল আৰু শিল দলিয়াই বহুকেইখন খিৰিকীৰ গ্লাছ ভাঙে ।

এম‌এনডিপি হোষ্টেলৰ কোনো ছাত্ৰ আঘাতপ্ৰাপ্ত হোৱা নাই যদিও গোটেই নিশা উজাগৰে শংকাত কটাবলগীয়া হয় ।

আক্ৰমণৰ সময়ত বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক অৱগত কৰে যদিও কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগ ।

মঙলবাৰে দিনৰ ভাগত হৈছিল ভোটগ্ৰহণ ৷ বুধবাৰে ফলাফল দিয়াৰ আগতে এই ঘটনা সংঘটিত হয় ।

এম‌এনডিপি ছাত্ৰাবাসৰ পৰা এইবাৰ নিৰ্বাচনত কে’বাগৰাকী ছাত্ৰই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ।

বিগত সময়ত এম‌এনডিপি ছাত্ৰাবাসৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ছাত্ৰ বহু কেইজন নিৰ্বাচনত বিজয় সাব্যস্ত কৰিছিল ৷

Exit mobile version