নৱবৰ্ষৰ প্ৰথমদিনাই ৩০৪ বিলিয়ন ডলাৰলৈ সম্পত্তি বৃদ্ধি মাস্কৰ

9op9k9ko elon musk

বিশ্বৰ সবাতােকৈ ধনী ব্যক্তি তথা টেছলা আৰু স্পেচএক্সৰ স্বত্বাধিকাৰী এলন মাস্কৰ বাবে নৱবৰ্ষৰ আৰম্ভণি যথেষ্ট ৰােমান্সকৰ হ’ল।

ADVERTISEMENT

দৰাচলতে বছৰৰ প্ৰথমদিনটোতে মাস্কৰ সম্পত্তিৰ পৰিমাণ যথেষ্ট বৃদ্ধি পালে। মাত্র এদিনতে বিশ্বৰ ধনাঢ্য ব্যক্তিজনৰ মুঠ সম্পত্তিৰ পৰিমাণ ৩০৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি হ’ল।

মাস্কে সােমবাৰে প্রতি ঘন্টাত উপার্জন কৰিছিল ১.৪১ বিলিয়ন ডলাৰ। বিশ্বৰ সবাতােকৈ ধনাঢ্য ব্যক্তি মাস্কৰ বৈদ্যুতিক গাড়ী নির্মাতা কোম্পানী টেছলাৰ শ্বেয়াৰ মূল্য যথেষ্ট বৃদ্ধি পােৱাৰ ফলতে তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণে বৃদ্ধি পালে।

মাস্কৰ মুঠ সম্পত্তিৰ পৰিমাণ মাত্র এদিনতে ৩৩.৮ বিলিয়ন ডলাৰ অর্থাৎ ভাৰতীয় মুদ্রাত ২,৫১,৭১৫ কোটি টকা বৃদ্ধি পালে। নৱবৰ্ষৰ প্ৰথম দিনা পুঁজি বজাৰত টেছলাৰ শ্বেয়াৰ মূল্য ১৪ শতাংশ বৃদ্ধি পায়।

কোম্পানীটোৰ শ্বেয়াৰ মূল্য সােমবাৰে ১৩.৫ শতাংশ বৃদ্ধিৰে ১,১৯৯.৭৮ ডলাৰলৈ বৃদ্ধি পালে।

Exit mobile version