পেটৰ সমস্যাৰ পৰা পৰিত্ৰাণৰ বাবে খাওঁক কেঁচা অমিতা

d91ad9d28d286c573f471dd931888109a07f574f9a571cbf7b1afd5b423cb94e

কম বেছি পৰিমাণে প্ৰায়ভাগ লােকেই অমিতা খায়। কিছুমানে কমকৈ পকা অমিতা নিয়মিতভাৱে খায়।আনহাতে কেঁচা অমিতা আঞ্জা ৰান্ধি খােৱাৰাে বহুতৰ অভ্যাস। বহুতে ভাবে যে পকা অমিতাৰ পৰা বেছি উপকাৰ পােৱা যায়। দৰাচলতে বিষয়টো তেনেকুৱা নহয়। কেঁচা অমিতাৰৰ আছে সমানেই উপকাৰী গুণ।

★কেঁচা অমিত নিয়মীয়াকৈ খালে বদহজম সমস্যাৰ পৰা হাত সাৰিব পাৰি।

★যিসকলৰ কোষ্ঠকাঠিন্য সমস্যা আছে তেওঁলােকে সদায় খাদ্য সম্ভাৰত এটুকুৰা হ’লেও অমিতা অন্তর্ভুক্ত কৰা উচিত।

★শেহতীয়াভাৱে গৱেষণাত এই বুলি তথ্য লাভ কৰা হৈছে যে গেষ্ট্ৰিকৰ সমস্যা সমাধান কৰিব পৰা গুণাে আছে।

★যিসকলৰ সঘনাই এচিড ৰিফ্লেক্সৰ সমস্যা আছে তেনে ব্যক্তিয়ে নিয়মীয়াকৈ অমিতা খাব লাগে।

★মহিলাৰ বিষ উপশমৰ ক্ষেত্ৰততা কেঁচা অমিতা তুলনাবিহীন।

★ছালত যদি শালমইনা থাকে তেতিয়া হ’লে অমিতা খাওঁক।

★কেঁচা অমিতাত প্ৰচুৰ পৰিমাণে ভিটামিন ‘এ’ ‘চি’ ই’ থাকে। এশ গ্রাম অমিতাৰ পৰা ৩৯ কেলৰি পােৱা যায়।

★অমিতা খালে শৰীৰে প্রয়ােজনীয় উপাদান যেনে ভিটামিন, খনিজ পদার্থ আদি পােৱা যায়।

★নিয়মীয়াকৈ অমিতা খােৱাৰ পাছত যদি কোনাে সমস্যাৰ সৃষ্টি হয় তেতিয়া হ’লে পুষ্টি বিশেষজ্ঞৰ পৰামর্শ গ্রহণ কৰা উচিত। বিশেষকৈ গৰ্ভৱতী মহিলাসকলে অমিতা খােৱাৰ সময়ত সতর্ক হ’বই লাগিব।

Exit mobile version