Civil Services Main Examination : কেন্দ্ৰীয় প্ৰশাসনিক সেৱাৰ মেইন পৰীক্ষাৰ দিন পৰিৱৰ্তন ! কি ক’লে ইউপিএছচি-য়ে ?

upsc

দেশত কৰ’না সংক্রমণৰ সংখ্যা বৃদ্ধি পোৱাত নির্ধাৰিত সময়ত (Civil Services Main Examination) পৰীক্ষা হ’ব নে নাই এই সন্দৰ্ভত প্রশ্ন উত্থাপন হৈছিল । যদিও পৰীক্ষাৰ আগতেই পৰীক্ষার্থী আৰু অভিভাৱকৰ মনৰ সন্দেহ দূৰ কৰিল কেন্দ্ৰীয় প্ৰশাসনিক সেৱা আয়োগে । কি ক’লে কর্তৃপক্ষ‌ই ?

ইউপিএছচি-ৰ (UPSC) তৰফৰ পৰা এটা বিবৃতিত জনোৱা হয় যে, নির্ধাৰিত সময়সূচী অনুযায়ী প্ৰশাসনিক সেৱাৰ (মেইন) পৰীক্ষা সাত, আঠ, ন, ১৫ আৰু ১৬ জানুৱাৰীত অনুষ্ঠিত হ’ব । কৰ’নাৰ বিধিনিষেধৰ বাবে পৰীক্ষার্থীসকলৰ যাতে পৰীক্ষাস্থলত উপস্থিত হোৱাত সমস্যা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ কোৱা হৈছে ৰাজ্যসমূহক । পৰীক্ষার্থীসকলৰ ই-প্রৱেশপত্র (e-admit cards), পৰিচয়পত্রসমূহ (Identity card) যাতায়াতৰ পাছ হিচাপে গণ্য কৰিবলৈ কোৱা হৈছে পাবলিক ছাৰ্ভিচ কমিছনক । ক’ভিড সংক্রমণ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লৈছে ইউপিএছচি-য়ে ।

মূলতঃ, তিনিটা পর্যায়ত অনুষ্ঠিত কৰা হয় এই চিভিল ছার্ভিচ পৰীক্ষা । প্রিলিমিনাৰী, মেইন আৰু ইন্টাৰভিউৰ মাধ্যমত প্রার্থী নির্বাচন কৰা হয় । Indian Administrative Service (IAS), Indian Foreign Service (IFS) and Indian Police Service (IPS)ত নিযুক্তি দিয়া হয় এই পৰীক্ষাৰ জৰিয়তে । দেশৰ সর্বোচ্চ মর্যাদাৰ পরীক্ষা হিচাপে গণ্য কৰা হয় এই ছাৰ্ভিচক ।

সম্প্রতি চিভিল ছার্ভিচেছ (মেইন) পৰীক্ষাৰ সময়সূচী পৰিৱর্তনৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল কিছুসংখ্যক পৰীক্ষার্থীয়ে । তেওঁলোকে আদালতক জনায় যে, কৰ’নাৰ সংক্রমণ বৃদ্ধিৰ সময়ত এই পৰীক্ষা পিছুৱাই দিয়া উচিত । কাৰণ পৰীক্ষাৰ অধিকাংশ কেন্দ্রই চহৰত আছে । য’ত জনসংখ্যাৰ ঘনত্ব অধিক হোৱাত সংক্রমণৰ শংকাও অধিক । সেয়ে আদালতে যেন তেওঁলোকৰ এই আবেদন চিন্তা কৰি চায় । তেওঁলোকে আৰু জনায় যে, তেওঁলোকৰ ভিতৰত এনে বহু পৰীক্ষার্থী আছে, যিসকলৰ এইটো পৰীক্ষাত বহাৰ আন্তিম সুযোগ । সেই ক্ষেত্রত পৰীক্ষা পিছুৱাই দিলে তেওঁলোকেও সময় পাব ।

কিয় পৰীক্ষাত সমস্যা ?

চিভিল ছার্ভিচ মেইন পৰীক্ষার্থীসকলৰ মতে, কৰ’নাকালত পৰীক্ষাত বহাতো তেওঁলোকৰ বাবে বৃহৎ সমস্যা‌ হৈ পৰিব । কাৰণ পৰীক্ষা হলে প্ৰৱেশ কৰাৰ আগতে উপযুক্ত টেষ্ট কৰা নহ’ব তেওঁলোকৰ । সামান্য পেৰাচিটামোল খালেই শৰীৰৰ তাপমাত্রা স্বাভাৱিক হৈ যাব পৰীক্ষার্থীসকলৰ । সেই ক্ষেত্রত সংক্রমিত হৈয়েই পৰীক্ষা দিবলৈ আহিব অনেকেই । ছয় ঘণ্টা সংক্রমিতসকলৰ স’তে পৰীক্ষা দিলে বাকীসকলৰ শৰীৰতো এই ভাইৰাছ বিয়পিব । প্রথম পৰীক্ষাত এই পৰিস্থিতি হ’লে কৰ’না আক্রান্ত হ’ব পাৰে যিকোনো পৰীক্ষার্থীয়ে । এবাৰ কৰ’না আক্রান্ত হ’লে পৰৱর্তী পৰীক্ষাবোৰো দিব নোৱাৰিব তেওঁলোকে । তদুপৰি পৰীক্ষা দিবলৈ আহি নিজৰ লগতে পৰিয়ালবৰ্গকো বিপদত পেলাব পৰীক্ষার্থীসকলে ।

Exit mobile version