হাফলং জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি হাফলঙত কেবিনেট বৈঠকত অংশগ্ৰহণৰ প্ৰাকক্ষণত হাফলং জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে । পৰিদৰ্শনৰ অন্তত জিলা স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ স’তে এখন বৈঠকত মিলিত হৈ ডিমা হাচাও জিলাৰ স্বাস্থ্যখণ্ড আৰু চিকিৎসা সেৱা ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ দিশসমূহৰ লগতে ক’ভিড পৰিস্থিতি আৰু প্ৰতিষেধক অভিযান (১৫-১৮ বছৰৰ কিশোৰ-কিশোৰীৰ টিকাকৰণ, দ্বিতীয় পালি প্ৰতিষেধক আৰু সুৰক্ষামূলক তৃতীয় পালি প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ অগ্ৰগতি) পৰ্যালোচনা কৰে ।

মাইবং, উমৰাংচুকে ধৰি পাহাৰীয়া জিলাখনৰ ভিতৰুৱা এলেকাৰ চিকিৎসালয়ৰ আন্তঃগাঁঠনি উন্নীতকৰণৰ প্ৰয়োজনীয়তাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয় । জিলাখনত নৱজাতক শিশুৰ মৃত্যুৰ হাৰ-প্ৰসূতিৰ মৃত্যুৰ হাৰ উন্নীতকৰণৰ বাবে জৰুৰী কাৰ্যব্যৱস্থা গ্ৰহণত বিশেষ মনোযোগ দিবলৈ জিলা স্বাস্থ্য বিভাগক দিহা দিয়ে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ।

পৰ্যালোচনাকালত উত্তৰ কাছাৰ স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য (স্বাস্থ্য বিভাগ) ছেমুয়েল চাংছন আৰু স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেলৰ লগতে জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ দিপালী বৰ্মন, জিলা চিকিৎসালয়ৰ অধীক্ষক ডাঃ কল্পনা কেমপ্ৰাই, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ লীনা হাজৰিকাও উপস্থিত থাকে ।

Exit mobile version