Mumbai Schools Reopening : সোমবাৰৰ পৰা মুম্বাইসহ মহাৰাষ্ট্রত খুলিব বিদ্যালয়, জনালে ৰাজ্যৰ শিক্ষামন্ত্রীয়ে

bng23 pu college re open 5 1 1027532 1630912017 1028235 1631078268

সপ্তাহৰ আৰম্ভণিৰ পৰাই মুম্বাইত খুলিব হ’ব বিদ্যালয় । আগন্তুক সপ্তাহৰ পৰা আৰম্ভ হ’ব সকলো শ্ৰেণী । সমগ্ৰ মহাৰাষ্ট্রতে এই নতুন নিয়ম প্রযোজ্য হ’ব । জনাইছে, মহাৰাষ্ট্রৰ শিক্ষামন্ত্রী বর্ষা গায়কোৱাৰে ।

গায়কোৱাৰে সংবাদ মাধ্যমক সদৰী কৰে, “অহা ২৪ জানুৱাৰীৰ পৰা প্রথমৰ পৰা দ্বাদশ শ্রেণী পর্যন্ত ক্লাছ খুলিছো । মুখ্যমন্ত্রীয়ে আমাৰ এই প্রস্তাৱ মানি লৈছে ।’’

চলিত মাহৰ আৰম্ভণিতে মহাৰাষ্ট্র চৰকাৰে ঘোষণা কৰিছিল যে, কৰ’না সংক্রমণৰ বৃদ্ধিৰ ফলত আগন্তুক ১৫ ফেব্রুৱাৰী পর্যন্ত ৰাজ্যৰ সকলো বিদ্যালয়, মহাবিদ্যালয় বন্ধ দিয়া হৈছে । কিন্তু বর্তমান সংক্রমণ ক্রমশ হ্ৰাস ‌পাইছে । এই পৰিপ্রেক্ষিতত অনর্থক শিক্ষানুষ্ঠানসমূহ বন্ধ ৰাখিব বিচৰা নাই ঠাকৰে চৰকাৰৰ শিক্ষা বিভাগে । এই মর্মে আবেদন জনাইছিল মুখ্যমন্ত্রীক ।

এই প্রসংগত গায়কোৱাৰে কয়, ‘‘আমি এই মর্মে প্রস্তাৱ পঠাইছিলো মুখ্যমন্ত্রী ঠাকৰেক । প্ৰস্তাৱত কোৱা হয়, স্থানীয় প্রশাসন আগন্তুক সোমবাৰ অর্থাৎ ২৪ জানুৱাৰীৰ পৰা বিদ্যালয় খুলিবলৈ প্রস্তুত । মুখ্যমন্ত্রীয়ে আমাৰ প্রস্তাৱ গ্রহণ কৰিছে । সোমবাৰৰ পৰা ৰাজ্যত বিদ্যালয় খুলিব ।’’

শিক্ষামন্ত্রীয়ে ১৫ৰ পৰা ১৮ বছৰ বয়সৰসকল আৰু শিক্ষক-শিক্ষাকর্মচাৰীসকলে টিকা গ্ৰহণৰ বিষয়ত জোৰ দিছে ।

Exit mobile version