Taliban : তালিবানৰ স্বীকৃতি বিচাৰি আইএছআই কৰ্মচাৰী তুৰস্কত

taliban

আফগানিস্তানৰ তালিবান চৰকাৰক আন্তর্জাতিক স্বীকৃতি লাভ কৰাত সহায় কৰিবলৈ আগবাঢ়ি আহিছে পাকিস্তানৰ গুপ্তচৰ সংস্থা আইএছআই । বিভিন্ন দেশৰ স’তে আলোচনা কৰাৰ লগতে আফগানিস্তানৰ পূর্বৰ চৰকাৰৰ নেতাসকলৰ স’তেও আলোচনা কৰিছে তেওঁলোকে । কূটনৈতিক সূত্রে খবৰ, তালিবানৰ আন্তর্জাতিক স্বীকৃতিৰ স’তে আইএছআই-ৰ আন এটা উদ্দেশ্য, আফগানিস্তানৰ ভৱিষ্যৎ ৰাজনীতি বা উন্নয়নৰ ক্ষেত্ৰত ভাৰতক সহযোগ কৰিবলৈ নিদিয়া ।

সূত্র অনুসৰি, পূর্বৰ আফগান চৰকাৰৰ পলাতক ৰীজনীতিবিদসকলৰ স’তে আলোচনা কৰিবলৈ এজন শীর্ষস্থানীয় আইএছআই কৰ্মচাৰীক সম্প্রতি তুৰস্কত প্ৰেৰণ কৰিছে পাকিস্তানে । তাত প্রাক্তন আফগান বৈদেশিক মন্ত্রী ছালাউদ্দিন ৰব্বানি, প্রাক্তন আফগান উপ-ৰাষ্ট্ৰপতি আব্দুল ৰচিদ দোস্তমৰ দৰে ভাৰত-ঘনিষ্ঠ নেতাসকলৰ স’তে তেওঁ আলোচনা কৰিব । এই আফগান ৰাজনীতিবিদসকলক তালিবানৰ স’তে আলোচনাৰ প্রস্তাৱ দিছে আইএছআই কৰ্মচাৰীসকলে । এই বৈঠক পাকিস্তানে নিজ দেশতে অনুষ্ঠিত কৰাৰ বিষয়েও কয় । সূত্রৰ খবৰ, আফগানিস্তান পুনৰ্গঠনৰ পূৰ্বৰ প্রকল্পবোৰৰ পৰা ভাৰতক বাদ দিয়াৰ বিষয়ত তেওঁলোক সহমত হ’ব লাগিব বুলি জনাইছে পাকিস্তানে ।

পাকিস্তানৰ লগতে কাতাৰো তালিবানৰ স’তে জড়িত হোৱাৰ বাবে আন্তর্জাতিক সম্প্রদায়ক উপেক্ষা কৰি আহিছে । শেহতীয়াকৈ আল-জাজিৰাক দিয়া এক সাক্ষাত্‍কাৰত পাকিস্তানৰ বৈদেশিক মন্ত্রী শ্বাহ মাহমুদ কুৰেশ্বিয়ে কয়, ‘‘আন্তর্জাতিক সম্প্রদায়ে কাবুলৰ নতুন বাস্তৱতাৰ স’তে সংযুক্ত হ’ব লাগিব ।’’ কাতাৰৰ বৈদেশিক মন্ত্রীয়ে যোৱা মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিবেশনত বিশ্ব নেতাসকলক তালিবানৰ স’তে সম্পৃক্ত হোৱাৰ আহ্বান জনাইছিল । তালিবানৰ স’তে আলোচনা অব্যাহত ৰখাৰ ক্ষেত্ৰত তেওঁ জোৰ দিছে । এই ক্ষেত্রত তেওঁৰ যুক্তি, বয়কটে কেৱল মেৰুকৰণ আৰু প্রতিক্রিয়াৰ সৃষ্টি কৰে । আলোচনাই ইতিবাচক ফলাফল আনিব পাৰে ।

Exit mobile version