ইন্দিৰা গান্ধীয়ে তৈয়াৰ কৰা অমৰ জোৱান জ্যোতিৰ শিখা পাঁচ দশক পাছত ‘নুমুৱাব’ মোদীয়ে জুই

20jyoti

নৰেন্দ্র মোদী চৰকাৰৰ সিদ্ধান্তত ৫০ বছৰ পাছত নুমুৱাব নতুন দিল্লীৰ ইণ্ডিয়া গেটৰ অমৰ জোৱান জ্যোতিৰ অনির্বাণ শিখা । শুকুৰবাৰে সেই অগ্নিশিখা লৈ যোৱা হৈছে নৱনির্মীত ‘নেচনেল ৱাৰ মেম’ৰিয়েল’-ত ।

ADVERTISEMENT

১৯৭১ত বাংলাদেশৰ স্বাধীনতা যুদ্ধত ছহিদ ভাৰতীয় সেনাৰ স্মৃতিত তৎকালীন প্রধানমন্ত্রী ইন্দিৰা গান্ধীৰ চৰকাৰে প্রতিষ্ঠা কৰিছিল অমৰ জোৱান জ্যোতি । ১৯৭২ৰ ২৭ জানুৱাৰীত ইন্দিৰাই এই স্মৃতিসৌধৰ উদ্বোধন কৰিছিল । শিলৰ স্তম্ভত উলোটা কৰি ৰখা ৭.৬২ স্বয়ংক্রিয় ৰাইফল আৰু তাৰ ওপৰত এটা সেনা শিৰস্ত্রাণৰ স্মাৰক আছে ইয়াত । তাৰ সন্মুখত সর্বক্ষণ জ্বলি থকা জুইৰ শিখা । ঠিকনা সলনি এইবাৰ প্রায় আধা কিলোমিটাৰ দূৰত্বৰ ‘নেচনেল ৱাৰ মেম’ৰিয়েল’-ত ।

Exit mobile version