ক্লাবহাউছত চাট নাৰী নিৰ্যাতনৰ বিষয়ে, গ্ৰেপ্তাৰ তিনি

mobile phone biometrics 1

অডিঅ’ চাট এপ্‌ ক্লাবহাউছত অপমানজনক আৰু অকথ্য আলোচনাৰ তদন্ত চলাকালীন মুম্বাই আৰক্ষীয়ে তিনিজনক গ্ৰেপ্তাৰ কৰিলে ।

সামাজিক মাধ্যমত ভাইৰেল হোৱা চাটত অংশগ্ৰহণকাৰীসকলে নাৰী নিৰ্যাতনৰ বিষয়ে শুনিবলৈ পায় । এগৰাকী মহিলাই এই সন্দৰ্ভত গোচৰ ৰুজু কৰাৰ পাছতেই মুম্বাই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে ।

চহৰ ভিত্তিক এটা সংস্থাইও মুছলিম মহিলাৰ সম্পৰ্কত ঘৃণনীয় আৰু অপমানজনক চাটৰ বিষয়ত অভিযোগ নথিভুক্ত কৰিছে, এপ‌্‌টোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে ।

মুম্বাই আৰক্ষীয়ে অৱশ্যে স্পষ্ট কৰিছে যে শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰা ধৃতসকলে ক্লাবহাউছ এপত চাট কৰিছিল । আৰক্ষীয়ে জনায় যে তেওঁলোকে প্লেটফৰ্মৰ এই ধৰণৰ সকলো কথোপকথনৰ তদন্ত কৰিছে ।

তিনি যুৱক ক্ৰমে আকাশ (১৯), জ‌ইস্নৱ (২১) আৰু য়শ পৰাশৰ (২২)ক হাৰিয়ানাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে । আইনৰ ছাত্ৰ য়শ পৰাশৰ চাটৰ নিয়ন্ত্ৰক বুলি অভিযোগ ।

আৰক্ষীয়ে জনায় যে জ‌ইস্নৱ আৰু আকাশ মুছলিম মহিলাক লক্ষ্য কৰা অন্য ক্লাবহাউছৰো সদস্য । তেওঁলোক তিনিওজনকে ট্ৰাঞ্জিট ৰেমাণ্ডত মুম্বাইত অনা হ’ব ।

Exit mobile version