Covid-19 : সংক্রমণ হ্ৰাস পাইছে, দিল্লীত সপ্তাহ অন্তত সান্ধ্য আইন শিথিল কৰাৰ আবেদন জনাইছে কেজৰিৱাল চৰকাৰে

kdrf6ub8 crowd at sadar bazaar market delhi ani

কৰ’না ভাইৰাছ সংক্রমণ কিছু নিয়ন্ত্রণত অহাৰ বাবে দিল্লীত সপ্তাহ অন্তৰ সান্ধ্য আইন শিথিল কৰাৰ সিদ্ধান্ত লৈছে অৰবিন্দ কেজৰিৱাল চৰকাৰে । শুকুৰবাৰে এই বিষয়ত নির্দেশনা অনুমোদনৰ বাবে লেফটেনেন্ট গভর্নৰ অনিল বৈজলৰ কাৰ্যালয়ত প্ৰেৰণ কৰা হৈছে ।

প্রসংগত, চলিত বৰ্ষৰ ১৪ জানুৱাৰীত দিল্লীত কৰ’না আক্রান্তৰ দৈনিক সংখ্যা ৩০ হেজাৰৰো অধিক হৈছিল । ইয়াৰ পাছতেই ৫০ ঘণ্টাৰ সাপ্তাহান্তিক সান্ধ্য আইন জাৰি কৰিছিল দিল্লী চৰকাৰে ।

বৃহস্পতিবাৰে দিল্লীত নতুনকৈ ১০,৩০৬ জন সং‌ক্রমিত হৈছে । যি তাৰ আগৰ ২৪ ঘণ্টাৰ তুলনাত ১০.৭২ শতাংশ অধিক । যদিও মৃত্যুৰ সংখ্যা আছিল ৪৩ । বিগত বৰ্ষৰ জুনত দিল্লীত দৈনিক মৃত্যুৰ সংখ্যা ৪৪ হৈছিল ।

Exit mobile version