আভাকাডোত উপকাৰিতাসমূহ জানিলে আপুনিও খাবলৈ বাধ্য হ’ব এই ফল

avocado tomato tomatoes 1296x728 header

(১) আভাকাডোত যথেষ্ট পৰিমাণৰ ভিটামিন বি৬ আৰু ফলিক এচিড থাকে। যি য়ে আমাৰ হৃদযন্ত্ৰ স্বাস্থ্যৱান ৰখাত সহায় কৰে। এই ফল খোৱাৰ ফলত হৃদৰোগ হোৱাৰ সম্ভাৱনা হ্ৰাস হয়।

(২) আভাকাডোত প্ৰচুৰ পৰিমাণে বিটা চাইটোষ্টেৰল থাকে । যিয়ে আমাৰ শৰীৰত কলেষ্টেৰলৰ স্তৰ বৃদ্ধি হ’বলৈ নিদিয়ে।

(৩) আভাকাডো চকুৰ বাবে অতি উপকাৰী। ইয়াত কেৰোটিনইড লুটিন অধিক থকাৰ বাবে, ই বয়স-সম্পৰ্কীয় চকুৰ সমস্যাৰ পৰা সুৰক্ষিত কৰে।

(৪) আভাকাডো খোৱাৰ ফলত আমাৰ ষ্ট্ৰোকৰ সম্ভাৱনা হ্ৰাস হয়। দৈনিক আহাৰত আভাকাডো থাকিলে ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বহুত কম।

(৫) আভাকাডো কেৱল চকু বা হৃদযন্ত্ৰৰ বাবে ভাল নহয়। ই আমাৰ ছালৰ বাবেও যথেষ্ট উপকাৰী। ছাল স্বাস্থ্যৱান ৰখাত সহায় কৰে।

Exit mobile version