প্ৰবল ঠাণ্ডাত এটা পৰিয়ালৰ চাৰি জনৰ মৃত্যু আমেৰিকা-কানাডা সীমান্তত, সন্দেহ ভাৰতীয়

snow

প্ৰবল ঠাণ্ডাত এটা শিশু সহ একেটা পৰিয়ালৰ চাৰিজন লোক মৃত্যু হৈছে কানাডা-আমেৰিকা যুক্তৰাষ্ট্ৰৰ সীমান্তত ।

তেওঁলোকক কানাডাৰ পৰা অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আছিল বুলি অভিযোগ কৰা হৈছে। সেই পৰিয়ালটো ভাৰতীয় বুলি সন্দেহ কৰা হৈছে।

মনিটোবা ৰয়েল কানাডিয়ান মাউণ্টেড পুলিচৰ মতে, চাৰিজনৰ ভিতৰত দুজন জ্যেষ্ঠ, এজন কিশোৰ আৰু এটা শিশু। বিগত বুধবাৰে কানাডাৰ আমেৰিকা সীমান্তৰ কাষত এমাৰ্চনত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

ভাৰতীয় বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে ঘটনাটোৰ বাবে দুখ প্ৰকাশ কৰি টুইটযোগে কয় যে ভাৰতীয় দূতাবাসক এই সন্দৰ্ভত তাৎক্ষণিক ব্যৱস্থা ল’বলৈ কোৱা হৈছে।

আমেৰিকা আৰক্ষী তৰফৰ পৰা জনোৱা হৈছে, পৰিয়ালটোৱে কানাডাৰ পৰা আমেৰিকালৈ আহিবলৈ চেষ্টা কৰি আছিল। আৰক্ষীৰ তৰফৰ পৰা জেন মেকলাটচ্চিয়ে কয়, “এই ঘটনাটো অত্যন্ত হৃদয়বিদাৰক। তেওঁলোকৰ মৃতদেহ সীমান্তৰ ন ৰ পৰা ১২ মিটাৰ ভিতৰত পৰি থকা অৱস্থাত পোৱা গৈছে। প্ৰাথমিক অনুসন্ধানৰ অনুমান তীব্ৰ ঠাণ্ডাৰ বাবে তেওঁলোকৰ সকলোৰে মৃত্যু হৈছিল। তেওঁলোকে মানৱ সৰবৰাহকাৰীৰ এটা গোটৰ স’তে সীমা অতিক্ৰম কৰিবলৈ চেষ্টা কৰি আছিল।”

তথ্য অনুসৰি তেওঁলোকে নিশাৰ আন্ধাৰত বৰফৰে আবৃত অৰণ্য পাৰ হৈ আমেৰিকালৈ আহিবলৈ চেষ্টা কৰি আছিল। ইয়াৰ মাজতে, তেওঁলোকৰ এক তীব্ৰ বৰফৰ ধুমুহাৰ ফলত মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে। সম্ভৱতঃ তেওঁলোক চোৰাং সৰবৰাহকাৰী দলৰ পৰা পৃথক হৈছিল।

আনহাতে, কানাডাই প্ৰেৰণ কৰা তথ্য অনুসৰি, বুধবাৰে নিশা এটা দল ৰাতিৰ আন্ধাৰত আমেৰিকান সীমান্তলৈ ৰাওনা হৈছিল । তেওঁলোকৰ এজনৰ লগত শিশুৰ বাবে উপযুক্ত কিছুমান সামগ্ৰীও তেওঁলোৰ ওচৰত দেখা গৈছিল।

Exit mobile version