ৰাজ্যত উদ্বেগজনক হাৰত কাহ-চৰ্দি

75449076

এফালে কৰ’না অতিমাৰী আৰু শেহতীয়াকৈ অ’মিক্রনৰ উপদ্ৰৱ। তাতে আকৌ ভূতৰ ওপৰত দানৱ পৰাদি অতিমাত্রা ঠাণ্ডা, চিপচিপীয়া বৰষুণ আৰু ৰাজ্যৰ কোনাে কোনাে ঠাইত শিলাবৃষ্টি।

গতিকে কি নগৰ কি গাঁও, সকলােতে স্বাভাৱিকতে বৃদ্ধি পাইছে ইনফ্লুৱেঞ্জা। কোনােবাই যদি হাঁচিয়াইছে, আন কাৰােবাৰ চর্দি, অথবা পানীলগা জুৰ। বহুতে ভয়াে খাইছে। ফলত কোনােবাই যদি হাস্পতালত গৈ পৰীক্ষা কৰিছে আন কোনােবাই ঘৰতে বহি লুকুৱাবলৈ চেষ্টা কৰিছে।

তাৰ মাজতাে সকলােৰে মনত এতিয়া এটাই প্রশ্ন—কাহ, চর্দি, হাঁচিয়া আৰু পানীলগা জুৰ মানেই কৰ’না অথবা অমিক্রন নেকি? শেহতীয়া বতৰৰ পৰিৱৰ্তন আৰু কৰ’নাৰ ধাৰাবাহিক সংক্রমণ সন্দৰ্ভত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্যই কয়, ‘ঠাণ্ডা পৰিছে, বৰষুণা দিছে। গতিকে কাহ, চর্দি হােৱাটো স্বাভাৱিক কথা কিন্তু একে সময়তে আমি মনত ৰাখিব লাগিব যে ক’ভিডৰ সংক্রমণ চলি আছে আৰু তুলনামূলকভাৱে বাঢ়িছে।

আগতে দিনে ২০ৰ পৰা ৩০ টা পজিটিভ কেছু পাইছিলাে, এতিয়া তিনিশ পর্যন্ত পাইছাে। ‘শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা নীতি-নির্দেশনাৰ উদ্ধৃতি দি ডাঃ বৈশ্যই কয় যে কৰ’না সংক্রমণৰ হাৰ তিনিগুণ বৃদ্ধি পাইছে যদিও এতিয়া বিশেষ ভয় কৰিবলগীয়া একো নাই।

তেওঁ কয়, ‘ক’ভিড অহাৰ আগতেও মানুহৰ কাহ, চর্দি আৰু পানীলগা জ্বৰ হৈছিল। এতিয়া আমি কৈছাে, যদি লক্ষণ নাই, পৰীক্ষা কৰিব নালাগে। পৰীক্ষাত পজিটিভ পালেও আমি ঘৰতে থাকিবলৈ দিছাে। ‘মহানগৰীৰ ডাউন টাউন হাস্পতালৰ ইণ্টাৰনেল মেডিচিন বিশেষজ্ঞ ডাঃ মানবেন্দ্র নায়কে কয় যে মানুহৰ মাজত সাধাৰণ ফ্লুৰ ফলত কাহ, চর্দি অথবা পানীলগা জ্বৰ হৈছে যদিও বিশ্ব স্বাস্থ্য সংস্থা, মেডিকেল কাউন্সিল অৱ ইণ্ডিয়া আৰু স্বাস্থ্য মন্ত্রণালয়ৰ নীতি-নির্দেশনা অনুসৰি কৰ’না পৰীক্ষা কৰাটো বাধ্যতামূলক হেতুকেও মানুহৰ মাজত এক ধৰণৰ ভয় ভাব বিয়পি পৰিছে।

ক’ভিড পৰীক্ষাৰ প্ৰতি থকা ভয় ভাবৰ কাৰণে বহুতে নিজকে পৰীক্ষা কৰােৱাবলৈ আগবাঢ়ি অহা নাই বুলিও ডাঃ নায়কে মন্তব্য কৰে। যােৱা তিনি বছৰত মানুহে যথেষ্ট সৱল ইমিউনিটি উন্নীত কৰিছে বুলি উল্লেখ কৰি ডাঃ নায়কে কয়, ইনফ্লুৱেঞ্জা প্রথম আহােতেও বহুত মানুহ মৰিছিল।

বর্তমানৰ জটিলতাটো হ’ল—কৰ’না ভাইৰাছে কোনাে লক্ষণ নাথাকিলেও সংক্রমণ কৰিব পাৰে কাৰণে বহুতে বাহকৰ ৰূপতাে ঘূৰি ফুৰে। গতিকে ভয়ৰ কোনাে কাৰণ নাই যদিও নিজকে পৰীক্ষা কৰােৱা, আছুতীয়াকৈ ৰখা আৰু সচেতন হােৱাৰ কোনাে বিকল্প নাই।

আজিৰ পৰা তিনি বছৰ আগতে ইনফ্লুৱেঞ্জা হ’লে পৰীক্ষাৰ কোনাে প্রয়ােজন নাছিল অথবা ঔষধৰাে প্রয়ােজন নাছিল বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে সকলােৱে জনা উচিত যে এতিয়া কৰনাৰ যিটো টৌ চলি আছে ইয়াৰ লক্ষণ নাথাকিলে কৰিবলগীয়া একো নাই আৰু বিশেষ ঔষধৰাে প্ৰয়ােজন নাই।

এতিয়াও কৰ’নাৰ কাৰণে আছুতীয়াকৈ কোনাে ঔষধ নাই বুলি দোহাৰি ডাঃ নায়কে পুনৰ কয়, ‘এতিয়া কাৰােবাৰ পৰীক্ষাত সংক্রমণ ধৰা পৰিলে যিখিনি ঔষধ দিয়া হৈছে এয়া লক্ষণভিত্তিকহে, কৰ’না ঔষধ নহয়। গতিকে সংক্রমণ হওক বা নহওক, কৰ’না হওক বা সাধাৰণ কাহ, চর্দি হওক আতংকিত হ’বলগীয়া একো নাই।

উল্লেখ্য যে শেহতীয়াকৈ কাহ, চর্দিত আক্রান্ত বহুতে কৰ’না অথবা অ’মিক্রনত সংক্রমণ হােৱা বুলি ধাৰণা কৰি আতংকিত হৈ আছে যদিও আন বহুতে একে সময়তে পৰীক্ষাত সংক্রমণ ধৰা পৰিলেও নিজকে সহজ কৰিবলৈও মানসিকভাৱে প্ৰস্তুত কৰিছে।

আজি তেনে এক পৰিৱেশেই দেখা গ’ল মহানগৰীৰ জালুকবাৰীস্থিত অসম আয়ুর্বেদিক মহাবিদ্যালয়ৰ ক’ভিড পৰীক্ষা কেন্দ্রত। আচলতে অসম আয়ুর্বেদিক মহাবিদ্যালয়ৰ ক’ভিড পৰীক্ষা কেন্দ্ৰত একেলগে বহুকেইগৰাকী ব্যক্তিক পৰীক্ষা কৰাৰ অন্তত ঠাইতে পৰীক্ষাৰ ফলাফল ঘােষণা কৰে।

অর্থাৎ নমুনা সংগ্রহ কৰাৰ ২০ৰ পৰা ২৫ মিনিটৰ অন্তৰে অন্তৰে পৰীক্ষাৰ ফলাফলসমূহ ‘টকেন’ নম্বৰ উল্লেখ কৰি একপ্ৰকাৰ চিঞৰি ঘােষণা কৰি দিয়া হয়। উদাহৰণস্বৰূপে ‘৭৭ নম্বৰ কোন? আপােনাৰ পজিটিভ’; ইত্যাদি। এনেতে বহুকেইগৰাকী সংক্রমণ ধৰা পৰা ব্যক্তিয়ে নিজৰ ফলাফলৰ বিষয়ে অৱগত হৈয়াে হাঁহি হাঁহি অথবা কোনাে ধৰণৰ ভয় বা সংকোচ ভাব নােহােৱাকৈ ঘৰলৈ বুলি প্রস্থান কৰা দেখা গ’ল।

অসম আয়ুর্বেদিক মহাবিদ্যালয় ক’ভিড পৰীক্ষা কেন্দ্ৰত আজি সংক্রমণ ধৰা পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে দৈনিক অগ্রদূত’ৰ আগত কয়, ‘এতিয়া ছাত্রী নিবাসলৈ যাওঁগৈ। নিজকে আছুতীয়া কৰি ৰাখিম। সহপাঠীসকলক জনাম। একো ভয় কৰা নাই।’

তাৎপর্যপূর্ণ, বিশ্ববিদ্যালয়ৰ ছাত্ৰগৰাকীক আন তিনিগৰাকী বান্ধৱীয়ে পৰীক্ষা কেন্দ্ৰলৈ লৈ আহিছিল আৰু সংক্রমণ ধৰা পৰাৰ পাছতাে বান্ধৱীসকলৰ লগত একেলগে ছাত্রী নিবাসলৈ বুলি ঘূৰি যােৱা দেখা গৈছিল। আন এগৰাকী প্রায় ২০ বছৰীয়া যুৱতীয়েও সংক্রমণ ধৰা পৰাৰ পাছত ফোন কৰি লগৰীয়াক জনােৱাত চাৰিগৰাকীমান বান্ধৱীয়ে আগবাঢ়ি অহা মাস্ক পৰিধান কৰি নির্দিষ্ট দূৰত্বত থিয় দি থাকি হাঁহি-খিকিন্দালি কৰি পাঁচ দিন কেৱল খাই-বই সময় পাৰ কৰাৰ কথা পাতি থকা দেখা গৈছিল।

Exit mobile version