Booster Dose : ক’ভিড আক্ৰান্ত হোৱাৰ কিমান দিনৰ পাছত ল’ব পাৰে বুষ্টাৰ !

04183897d0221509a5dd9623940fd7e0 original

সমগ্ৰ দেশতে উদ্বেগ সৃষ্টি কৰিছে অ’মিক্ৰনে। ইয়াৰ মাজতে এতিয়া বিশেষজ্ঞসকলে গুৰুত্ব দিছে তৃতীয় ভেকছিন বা বুষ্টাৰ ভেকছিনৰ ওপৰত ।

বিশেষকৈ স্বাস্থ্য কৰ্মী আৰু ক’ভিড যুদ্ধাৰ শীৰ্ষত থকা বিভিন্ন বৃত্তিৰ লোকসকলৰ বাবে এই তৃতীয় ভেকছিনটো অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে ।

কিন্তু এইটোও সঁচা যে ইতিমধ্যে স্বাস্থ্য কৰ্মী আৰু কৰ’নাৰ মোকাবিলাৰ শীৰ্ষস্থানত থকা এক বৃহৎ অংশৰ লোক আৰু জ্যেষ্ঠ লোক ক’ভিডত আক্ৰান্ত হৈছে। গতিকে প্ৰশ্ন উত্থাপিত হয় যে তৃতীয় ভেকছিন গ্ৰহণ কৰাৰ আগতে যদি কোনোবা ক’ভিডত আক্ৰান্ত হয় তেন্তে কিমান দিনৰ পাছত গ্ৰহণ কৰিব পাৰিব এই ভেকছিন ।

এই ক্ষেত্ৰত হাঁওফাঁও বিশেষজ্ঞ সুস্মিতা ৰয়চৌধুৰীয়ে কয়, “যদি আপুনি ক’ভিডত আক্রান্ত হৈছে আৰু আপোনাৰ বুষ্টাৰ লোৱাৰ সময় আহিছে, ইয়াক ৯০ দিন পিছুৱাই দিয়ক ।”

তেওঁ লগতে কয় যে যদি এজন ব্যক্তি ক’ভিড আক্রান্তৰ ওচৰত থাকে আৰু যদি তেওঁৰ শৰীৰত ক’ভিডৰ লক্ষণ থাকে, সংশ্লিষ্ট ব্যক্তিজনৰ ক’ভিড পৰীক্ষাৰ ফলাফল যিয়েই নহওঁক কিয় ক’ভিড আক্ৰান্ত হিচাপে গণ্য কৰিব লাগে।

Exit mobile version