VS Achuthanandan : কৰ’নাত আক্রান্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন ভি এছ

1384162 former kerala cm vs achuthanandan test covid positive

ক’ভিডত আক্রান্ত হৈ হাস্পাতালত ভর্তি কেৰালাৰ প্রাক্তন মুখ্যমন্ত্রী তথা চিপিএমৰ বর্ষীয়ান নেতা ভি এছ অচুতানন্দন । তিৰুঅনন্তপুৰমৰ হাস্পাতালত তেওঁৰ শাৰীৰিক অৱস্থা সম্প্ৰতি স্থিতিশীল‌ ।

প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ পাৰিবাৰিক সূত্রে খবৰ, তেওঁৰ পৰিচৰ্যাৰ দায়িত্বত থকা নাৰ্ছ ক’ভিডত সংক্রমিত হৈছে । তাৰ পাছতেই অচুতানন্দনৰ ক’ভিড পৰীক্ষাৰ ৰিপ’র্ট পজিটিভ আহে । শুকুৰবাৰে ৯৮ বছৰীয়া নেতাজনক হাস্পাতালত ভর্তি কৰোৱাৰ পৰামর্শ দিয়ে চিকিৎসকে ।

কেৰালাত নতুন সংক্রমিতৰ সংখ্যা ৪১ হেজাৰ ৬৬৮ । ৰাজ্যত কৰ’নাৰ ‘সক্ৰিয়’ ৰোগীৰ সংখ্যা দুই লাখৰো অধিক । জিলাসমূহক সংক্রমণৰ মাত্রা অনুযায়ী তিনি ভাগত ভাগ কৰি সতকর্তামূলক নির্দেশনা জাৰি কৰা হৈছে । দক্ষিণৰ এই ৰাজ্যত আগন্তুক ২৩ আৰু ৩০ জানুৱাৰীত, দুই দেওবাৰে তলাবন্ধৰ দৰে বিধিনিষেধ জাৰি থাকিব ।

Exit mobile version