ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ প্রয়োজন প্রাতঃভ্রমণৰ

নিয়মীয়াকৈ খােজ কঢ়াৰ ফলত ভৰিৰ গাঁঠি আদিৰ কার্যক্ষমতা স্বাভাৱিক হৈ থাকে। এনেদৰে পুৱাই খােজ কঢ়াৰ ফলত গাঁঠিসমূহৰ ফ্লুইড আদি স্বাভাৱিক হৈ থাকিব পাৰে। যেতিয়া পুষ্টি আৰু আৰু অক্সিজেন গাঁঠিলৈ স্বাভাৱিকভাৱে সৰবৰাহ হৈ থাকে বাবে গাঁঠিসমূহৰ কার্যক্ষমতা বৃদ্ধি পায়।

IMG 20220123 WA0054

★নিয়মীয়াকৈ প্রাতঃভ্রমণ কৰিলে ৰােগ প্ৰতিৰােধ ক্ষমতা বৃদ্ধি পায়। গৱেষকসকলে এই বুলি মন্তব্য আগবঢ়াইছে যে যিসকল লােকে নিয়মীয়াকৈ খােজ কাঢ়ে তেওঁলােকে চর্দি, ফ্লু আদিৰ পৰা হাত সাৰিব পাৰে। অর্থাৎ এইবােৰৰ বিৰুদ্ধে যুঁজ দিব পৰা ক্ষমতা বৃদ্ধি পায়। গৱেষকসকলৰ মতে সপ্তাহত কমেও পাঁচদিন ২০ মিনিটকৈ খােজ কাঢ়িলেও উপকাৰ পােৱা যায়, এনে কৰিলে ৪৩ শতাংশ ৰােগৰ আশংকা হ্রাস পায়।

★প্রাতঃভ্রমণৰ ফলত হৃদস্পন্দন বৃদ্ধি পায়। হৃদস্পন্দন স্বাভাৱিক হােৱা মানে ৰক্তচাপ হ্রাস পাবলৈ ধৰে। নিতৌ দুই মাইল পথ অতিক্ৰমিলে খােজ ষ্ট্ৰোকত আক্রান্ত হােৱাৰ আশংকা হ্রাস পায়।

★ নিয়মীয়াকৈ খােজ কঢ়াৰ ফলত ভৰিৰ গাঁঠি আদিৰ কার্যক্ষমতা স্বাভাৱিক হৈ থাকে। এনেদৰে পুৱাই খােজ কঢ়াৰ ফলত গাঁঠিসমূহৰ ফ্লুইড আদি স্বাভাৱিক হৈ থাকিব পাৰে। যেতিয়া পুষ্টি আৰু আৰু অক্সিজেন গাঁঠিলৈ স্বাভাৱিকভাৱে সৰবৰাহ হৈ থাকে বাবে গাঁঠিসমূহৰ কার্যক্ষমতা বৃদ্ধি পায়।

★প্রাতঃভ্রমণ কৰিলে ভৰি আৰু পেটৰ পেশীসমূহ শক্তিশালী হয়। শক্তিশালী পেশীয়ে শৰীৰক দিনটোৰ বাবে স্বাভাৱিকভাৱে কার্য সম্পাদন কৰাত সহায় কৰে।

★যিসকল লােকে পুৱাই ভ্রমণলৈ ওলাই তেওঁলােকৰ মস্তিষ্কৰ কার্য ক্ষমতা বৃদ্ধি পায়। মনটোত প্রশান্তিৰ সৃষ্টি কৰিব পাৰে।

★ নিয়মীয়াকৈ পুৱা খােজ কঢ়াৰ ফলত মানসিক স্বাস্থ্যৰাে উন্নতি ঘটায়। পুৱাই মনটো সুস্থ হৈ থাকিবলৈ চালিকাশক্তি লাভ কৰে।

★শেহতীয়াভাৱে গৱেষকসকলে এই বুলি মন্তব্য আগবঢ়াইছে যে পুৱাই খােজ কাঢ়িলে এলঝেইমাৰৰ ৰােগ প্রতিৰােধ হয়।

Exit mobile version