গুৱাহাটী প্ৰেছ ক্লাৱত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সংবাদমেল 

শিক্ষা বিভাগ তথা সৰ্বশিক্ষাই এক ৰাজ্যপাল নিৰ্দেশনা ভঙ্গ কৰাৰ বিৰোধীতাৰে সংবাদমেল সম্বোধন।

পদে পদে শিক্ষা বিভাগ আৰু চৰকাৰৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ শিক্ষক সকলৰ।

২০১২ চনতেই নিযুক্তি লাভ কৰিও প্ৰায় ৪০ হাজাৰ ঠিকাভিত্তিক শিক্ষক বৰ্তমানলৈকে মৰগীয়া বানচ,বকেয়া লাভ কৰাকে ধৰি বহু সমস্যাৰ সন্মুখীন হৈ আছে।

কেবিনেট সিদ্ধান্ত তথা ৰাজ্যপাল নিৰ্দেশনা ভঙ্গ কৰি সৰ্বশিক্ষাৰ অধীনৰ টেট উত্তীৰ্ণ শিক্ষক সকলক শিক্ষা বিভাগে বৰ্ধিত মৰগীয়া বানচ,বকেয়া,মেডিকেল ৰিম্বাৰ্চমেন্টৰ সুবিধা,বেংক লেনদেনৰ সুবিধা প্ৰদান নকৰাৰো অভিযোগ।

২০২০ চনৰ ১ জুলাইতে উক্ত সুবিধা সমূহ শিক্ষক সকলক প্ৰদান কৰিব লাগে বুলি কেবিনটৰ জৰিয়তে ৰাজ্যপাল নিৰ্দেশনা প্ৰদান কৰিছিল যদিও সেই নিৰ্দেশনা মানি নচলাৰ অভিযোগ শিক্ষা বিভাগৰ বিৰুদ্ধে।

শিক্ষা বিভাগৰ অৱহেলাৰ বাবেই শিক্ষক সকল সমস্যাৰ সন্মুখীন হৈছে।

চৰকাৰ,বিভাগ,সঞ্চালকৰ লগত দাবী সমূহক লৈ বহুবাৰ বৈঠক হৈছে যদিও সফল হোৱা নাই।

সৰ্বশিক্ষাৰ অধীনৰ ঠিকাভিত্তিক শিক্ষক সকলক নিয়মীয়াকৰণ কৰি সমস্যা সমূহ সমাধানৰ দাবী

এক ফেব্ৰুৱাৰীত প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত শিক্ষক সকলে অৱস্হান ধৰ্মঘট পালন কৰিব প্ৰতিখন জিলাৰ মিছন সমন্বয়কৰ কাৰ্যালয়ত।

দাবী সমূহ মানি নল’লে পৰৱৰ্তী সময়ত গুণোৎসৱকে ধৰি প্ৰতিটো চৰকাৰী কাৰ্যসূচীৰ পৰা বিৰত থকাৰ লগতে তীব্ৰতৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ।

Exit mobile version