বিভিন্ন থলুৱা প্ৰতিচ্ছবিৰে জিলিকি পৰিছে সৰুপথাৰ মহাবিদ্যালয়ৰ দেৱাল

অসম নগালেণ্ড সীমান্তৰ ইতিহাস প্ৰসিদ্ধ সৰুপথাৰ মহাবিদ্যালয়ৰ দেৱালত অংকণ কৰা হৈছে বিভিন্ন গ্ৰাম্য জীৱনৰ কৰ্মৰাজি, অসমৰ ইতিহাস প্ৰসিদ্ধ মঠ=মন্দিৰ, মাজুলীৰ কৃষ্টি সংস্কৃতি, অসমৰ গৌৰৱ চাহপাত, অসমৰ বিভিন্ন জনগোষ্ঠীয় গামোছাৰ প্ৰতিচ্ছবি।

সৰুপথাৰ অঞ্চলত বিভিন্ন কৃষ্টি=সংস্কৃতি, বৰ্ণ-ধৰ্ম, জাতি জনগোষ্ঠীৰ লোকে ভৰি আছে। গতিকে সৰুপথাৰ মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা সকলো জাতি-জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীক একতা দোলেৰে বান্ধ খোৱাই ধনশিৰি মহকুমাক প্ৰতিনিধিত্ব কৰাৰ মানসেৰে সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষা, শিক্ষক সমাজ আৰু ছাত্ৰ একতা সভাৰ সহযোগত লোৱা হৈছে এই পদক্ষেপ।

ভৱিষ্যতে যাতে সকলো ছাত্ৰ=ছাত্ৰীয়েই মহাবিদ্যালয় খনত এক মুকলি আৰু আনন্দ মনেৰে প্ৰৱেশ কৰি সমন্বয়ৰ মাজেৰে মিলি জুলি থাকিব পাৰে তাৰ উদ্দেশ্যৰেই এইসমূহ চিত্ৰ অংকণ কৰা হৈছে বুলি মহাবিদ্যালয়খনৰ সাধাৰণ সম্পাদক শিৱাশীষ শৰ্মাই জানিবলৈ দিয়ে।

Exit mobile version