সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ সংবাদমেল

অঙ্গনবাড়ী কৰ্মীক ব্লেকলিষ্টেড কোম্পানীৰ মোবাইল ফোন দিয়াৰ গুৰুতৰ অভিযোগ

চৰকাৰৰ সমাজ কল্যান বিভাগৰ পোষণ অভিযানত সংঘটিত হৈছে কোটি কোটি টকাৰ কেলেংকাৰী । অংগণবাড়ী কৰ্মীক মোবাইল ফোন বিতৰণৰ নামত সংঘটিত হৈছে ২১.৬৮ কোটি টকাৰ ব্যাপক কেলেংকাৰী । এই অভিযোগ সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ ।

আজি গুৱাহাটী প্ৰেছক্লাৱত অনুষ্ঠিত এক সংবাদমেলত পৰিষদৰ নেতৃত্বই এই অভিযোগ উত্থাপন কৰে । পৰিষদৰ সভাপতি বিদ্যুৎ কলিতাই কয় ‘ কেন্দ্ৰীয় চৰকাৰৰ পোষণ অভিযানৰ এখন বিশেষ আঁচনিৰ অধীনত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ দিনত ৰাজ্যৰ প্ৰতিগৰাকী আগনবাড়ি কৰ্মীক প্ৰদান কৰিছিল এটাকৈ স্মাৰ্টফোন ।

কিন্তু স্মাৰ্টফোনৰ নামত ৰাজ্যৰ অংগণবাড়ী কৰ্মীসকলে লাভ কৰিছিল দেশত ব্লেকলিষ্টেড হোৱা অতি নিম্নমানৰ স্মাৰ্টফোন ।’ তেওঁ কয় ‘ অংগণবাড়ী কৰ্মীসকলক স্মাৰ্টফোন বিতৰণৰ বাবে ২০১৯-২০ বৰ্ষত নিবিদা আহ্বান কৰা হৈছিল । জিইএম/ ২০১৯/বি/১৭৩৪০৫ আৰু জিইএম/২০২০/বি/৫৩৬৭৫৬ নম্বৰৰ নিবিদা লাভ কৰিছিল গুৱাহাটীৰ ‘কম্পিউটাৰ ৱৰ্ল্ড চাৰ্ভিছেছ’ আৰু নতুন দিল্লীৰ ‘এনএফ ইনফ্ৰাটেক ছাৰ্ভিচ প্ৰাইভেট লিমিটেডে’ ।

মোবাইল ফোনৰ নামত সৰ্বমুঠ ৬৭,৪১,০০০০০ টকা আৱন্তন দিছিল চৰকাৰে । নিবিদা অনুসৰি কম্পিউটাৰ ৱৰ্ল্ড চাৰ্ভিছেছ’ য়ে পাইছিল ১০,৭,৯১ টা মোবাইল ফোন ।যাৰ মূল্য ৭,৮৬,০৬০৬৮ টকা । অৰ্থাৎ এটা মোবাইল ফোনৰ বাবদ লাভ কৰিছিল ৭২৮৫ টকা । লগতে এই কোম্পানীয়ে সম পৰ্যায়ৰ মোবাইল পাৱাৰ বেংক বিতৰণৰ নামত লাভ কৰিছিল মুঠ ৭,৫৩,৮৫৯২ টকা ।

অৰ্থাৎ এটা পাৱাৰ বেংকৰ বিপৰীতে লাভ কৰিছিল ৭০০ টকা । কম্পিউটাৰ ৱৰ্ল্ড ছাৰ্ভিছে বিতৰণ কৰিছিল ‘লাভা কোম্পানীৰ’ LavaZ61 মোবাইল ফোন । যাৰ বজাৰ মূল্য ৪৯৯৯ টকা । ইয়াৰ অৰ্থ কম্পিউটাৰ ৱৰ্ল্ড ছাৰ্ভিছে এটা ফোনৰ বিপৰীতে বজাৰ মূল্যতকৈ ২২৮৬ টকা বেছিকৈ লাভ কৰিছিল । সেইফালৰ পৰা চালে ১০,৭৯১ টা ফোনৰ নামত ২,৪৬,৬৮২২৬ টকা অধিক সংগ্ৰহ কৰিছিল ।’

সভাপতি কলিতাই নিবিদা লাভ কৰা আনটো কোম্পানী সন্দৰ্ভত কয় ‘ এন ই ইনফ্ৰাটেক ছাৰ্ভিছে বিতৰণ কৰিছিল ‘পেনাচনিক এলুগা আই৭’ নামৰ মোবাইল ফোন । তেওঁলোকে মুঠ ৪৮,৬১৯ টা ফোনৰ অৰ্ডাৰ লাভ কৰিছিল । ইয়াৰ বাবদ সৰ্বমুঠ মূল্য লৈছিল ৪৩,৫২,৮৫,৯০৭ টকা । অৰ্থাৎ এটা ফোনৰ বাবদ ৮৯৫৩ টকাকৈ নিবিদা লাভ কৰিছিল ।

এই ফোনটোৰ বজাৰ মূল্য ৫০০০ টকা । অৰ্থাৎ এই কোম্পানীটোৱে চৰকাৰৰ ৰা ৩৯৫৩ কৈ সৰ্বমুঠ ১৯,২১,৯০,৯০৭ টকা লুণ্ঠন কৰিছে । সদৌ অসম একত্ৰিত যুৱ পৰিষদে লাভ কৰা আৰ টি আইত এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে বুলি সভাপতি কলিতাই উল্লেখ কৰে ।

তেওঁ পুনৰ কয় ‘ এই বৃহৎ কেলেংকাৰীৰ সময়ত সমাজ কল্যান বিভাগ আৰু পোষণ অভিযানৰ দায়িত্বত আছিল সঞ্চালক হেমেন দাস । পৰিষদে হিতাধিকাৰীৰ পৰা পোৱা অভিযোগৰ ভিত্তিত এই সমগ্ৰ বিষয়টো সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিলোঁ । অতিকৈ আশ্বৰ্যৰ বিষয় যে, নিবিদাত নথকা ইনটেক্স স্মাৰ্টফোনো লাভ কৰিছে অঙ্গনবাৰী কৰ্মীয়ে । ইতিমধ্যে পৰিষদৰ তৰফৰ পৰা ২৪ জানুৱাৰীত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষত এটা গোচৰ ৰুজু কৰা হৈছে । আমি এই কেলেংকাৰীৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনালোঁ ।

Exit mobile version