আজিৰ কেবিনেট বৈঠকত লোৱা কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত

240065 assam govt takes major key decisions in cabinet meeting

বিত্ত বিভাগৰ অনুমোদন অবিহনে কোনো মন্ত্ৰীয়ে ঘোষণা কৰিব নোৱাৰিব কোনো আঁচনি ।চৰকাৰৰ অধীনত অনুষ্ঠিত অনুষ্ঠানত মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু আমোলাসকলক জনোৱা নহ’ব সম্বৰ্ধনা৷ কেন্দ্ৰীয় মন্ত্ৰী থাকিলে বা অন্য গণ্যমাণ্য ব্যক্তিকহে সম্বৰ্ধনা জনোৱা হ’ব লগতে জিলা পৰিদৰ্শনলৈ গ’লে মন্ত্ৰীক সম্বৰ্ধনা জনোৱাৰ সলনি বৃক্ষৰূপণ কাৰ্যসূচীহে ৰাখিব।

যিকোনো ঠাইতে মুখ্যমন্ত্ৰীৰ কনভয় যোৱাৰ সময়ত দুই মিনিটৰ ওপৰত গাড়ী ৰখাই থ’ব নোৱাৰিব ৷ এম্বুলেন্স থাকিলে কোনেও ৰাখিব নোৱাৰিব ৷ গুৱাহাটীত মুখ্যমন্ত্ৰীৰ কনভয়ত থাকিব ছয়খন গাড়ী আৰু গুৱাহাটীৰ বাহিৰত বাৰখন গাড়ী থাকিব ৷

দহ মাৰ্চৰ ভিতৰত পৌৰসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগক অনুৰোধ জনোৱা হয় ৷১৪ মাৰ্চৰ পৰা বাজেট অধিৱেশন অনুষ্ঠিত কৰিবলৈ ৰাজ্যপালক অনুৰোধ কেবিনেটৰ ৷

উচিত মূল্যত কৃষকৰ পৰা ধান ক্ৰয় কৰিবলৈ কৃষি বিভাগ আৰু যোগান বিভাগক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ৷ জিলা উপায়ুক্তসকলে সম্বন্বয় ৰক্ষা কৰিব ৷ ক’ভিড এছঅ’পিক লৈ লোৱা হোৱা নাই কোনো সিদ্ধান্ত ৷ক’ভিড এছঅ’পিক লৈ এক ফেব্ৰুৱাৰীত লোৱা হ’ব সিদ্ধান্ত ৷

Exit mobile version