ধনুষৰ স’তে কন্যাৰ বিচ্ছেদৰ পাছত মানসিক ভাৱে ভাঙি পৰিছে ৰজনীকান্ত

1643268020 1642642200 thalaiva

২০০৮ চনৰ ১৮ নৱেম্বৰত ধনুষৰ স’তে নিজৰ জ্যেষ্ঠ কন্যাৰ বিবাহ ধুমধামেৰে পাতিছিল ৰজনীকান্তে । দুই নাতি যাত্ৰা ৰাজা আৰু লিঙ্গা ৰাজাৰ স’তে ১৮ বছৰ অতি সুখত আছিল ।

তাৰ পাছত প্ৰবীণ চুপাৰষ্টাৰৰ চকুৰ সন্মুখতে তৎক্ষণাত শেষ হৈ গ’ল সকলো । পৃথক হ’ল জী জোঁৱাই । এইটো গ্ৰহণ কৰিব পৰা নাই তেওঁ ।

তথ্য অনুসৰি তেওঁৰ কন্যাৰ ধনুষৰ স’তে হোৱা বিচ্ছেদৰ খবৰে তেওঁক মানসিকভাৱে ভাঙি পেলাইছে । তেওঁ বিচাৰে যে যিকোনো পৰিস্হিতিত তেওঁলোকৰ সংসাৰখন ঠিকে থাকক ।

আনহাতে, কেৱল সেয়াই নহয়, ধনুষৰ পৰিয়ালেও তাৰকা-দম্পতীক পৃথকীকৰণৰ সিদ্ধান্ত সলনি কৰিবলৈ পৰামৰ্শ দিছে।

Exit mobile version