Covaxin and Covisheild : মুকলি বজাৰত পাব ক’ভাক্সিন আৰু ক’ভিশ্বিল্ড,দাম কিমান !

1643277691 covisheald

চৰ্ত সাপেক্ষে মুকলি বজাৰত বিক্ৰী আৰম্ভ হৈছে ক’ভাক্সিন আৰু ক’ভিশ্বিল্ড । সংবাদ সংস্থা এএনআইৰ সূত্ৰৰ খবৰ ,’ড্ৰাগ কন্ট্রোলাৰ জেনেৰেল অব ইণ্ডিয়া (ডিচিজিআই)ক এই সন্দৰ্ভত অনুমোদন প্ৰদান কৰা হৈছে। ‘

সংবাদ সংস্থা পিটিআইয়ে আগতে জনাইছিল যে মুকলি বজাৰত ভেকছিনৰ মূল্য হ’ব পাৰে সৰ্বাধিক ২৭৫ টকা ।ইয়াৰ লগত চাৰ্ভিচ চাৰ্জ হিচাপে যোগ কৰিব পাৰে ১৫০ টকা।

বৰ্তমান,ক’ভাক্সিনৰ প্ৰতিটো ভেকছিনৰ মূল্য হৈছে ১২০০ টকা। ক’ভিশ্বিল্ডৰ প্ৰতিটো ভেকছিনৰ মূল্য ৭৮০ টকা। ইয়াত সেৱা মাচুল হিচাপে ১৫০ টকা অন্তৰ্ভুক্ত আছে। কিন্তু তথ্য অনুসৰি ভেকছিনটোৰ মূল্য মুকলি বজাৰত ২৭৫ টকাৰ ভিতৰত ৰাখিবলৈ প্ৰাৰম্ভিক সিদ্ধান্ত লোৱা হৈছে।

সূত্ৰ সমূহে কয়, “ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিক (এনপিপিএ) মুকলি বজাৰত ভেকছিনটোৰ মূল্য কিমান হ’ব পাৰে সেই বিষয়ে সিদ্ধান্ত ল’বলৈ নিৰ্দেশ দিয়া হৈছিল।

এইটো কোৱা হৈছিল যে ভেকছিনটোৰ মূল্য সাধাৰণ মানুহৰ আয়ত্তৰ ভিতৰত থাকিব লাগে।

দেশৰ জনসংখ্যাৰ ৯২ শতাংশলোকক টিকাকৰণ কৰা হৈছে (কমেও এটা ভেকছিন)। জনসংখ্যাৰ ৭২% প্ৰাপ্তবয়স্কই দুটা পালি ভেকছিন লাভ কৰিছে। তেওঁলোকৰ ৮০ শতাংশতকৈও অধিক ই ক’ভিশ্বিল্ড লাভ কৰিছে।

Exit mobile version