দিনটোৰ ৰাশিফল

horoscope 1641822047

মেষ :দুই ধৰণৰ চিন্তাই আপােনাৰ কৰ্মত আহুকালৰ সৃষ্টি কৰিব। শৰীৰৰ প্রতি নজৰ ৰাখক। প্রিয় লােকৰ কোনাে কথাত সন্তুষ্ট নহ’ব। পিছে অপেক্ষা কৰা কোনাে সংবাদত সুখ। শুভ ৰং বেঙুনীয়া।

বৃষ : কৰ্মৰ ওপৰত বিশ্বাস থাকিব। কোনাে কাৰণে বিৰক্ত ভাব আহিব পাৰে। আর্থিক আমদানিৰ লগতে খৰচৰ পথাে মুক্ত থাকিব। সন্তানৰ ভালেই। সন্তান সম্ভৱাৰ কন্যা সন্তান লাভৰ যােগ। শুভ ৰং নীলা।

মিথুন : সাধাৰণ খংৰাগ। কিন্তু উন্নত পৰিৱেশক সিয়ে ক্ষতি নকৰিব। প্রেম প্রীতিত মধ্যম আবেগ বৃদ্ধি। খৰচ বাঢ়িব। দৰকাৰী কামৰ বাবে কোনােৱে কৰা চেষ্টাত সফল হ’ব। শুভ ৰং আকাশী নীলা।

কর্কট : ক্ষীপ্ত পৰিৱেশ আৰম্ভণিৰ সম্ভাৱনা হলেও প্রকট নহ’ব। শৰীৰৰ প্ৰতি যত্ন লােৱাটো দংকাৰ বিদ্যার্থীৰ মধ্যম। বন্ধু-বান্ধৱৰ পৰা উৎসাহ। কিন্তু তেওঁলােকৰ ওপৰত নিৰ্ভৰ নকৰাই ভাল। শুভ ৰং বগা।

সিংহ :ধৈর্যৰে প্রতিকূল বিষয়াদি নিয়ন্ত্ৰণৰ চেষ্টা কৰক। বিদ্যালাভত বাধা কম। ভ্রমণাদিত কষ্ট হলেও শুভ। পিতৃৰ কথাত নিৰুৎসাহ। শৰীৰ বৰ ভালেৰে যােৱা টান। নতুন সংবাদত আনন্দ। শুভ ৰং ক্রীম।

কন্যা : আনৰ কথাত অসন্তুষ্টি প্রকাশ। শাৰীৰিকত বিশেষ দুৰ্ভাৱনা নাই। আত্মীয়ৰ সংগ লাভ। বিদ্যাত বেয়া নহ’ব। শুভ ৰং কলা।

তুলা : সদায় স্বাৱলম্বিতা আপুনি পছন্দ কৰিব, কিন্তু সময়ে তাক উৎসাহিত নকৰিব। বাধ্য হৈ আনৰ সহানুভূতিৰ কথা বিবেচনা কৰিব লাগিব। আর্থিক চিন্তিত। খৰচৰ মাত্রা বৃদ্ধি। ব্যস্ততা। শুভ ৰং কমলা।

বৃশ্চিক : কেতু মংগল, শুক্র, ৰবি যাৰ জীৱনত শুভ তেওঁৰ দিনটোত বেছি আহুকাল নাই। কিন্তু সামগ্রিক দৃষ্টিত আহুকাল সামান্য হলেও থাকিব। শৰীৰ মধ্যম। বিদ্যাত মধ্যম। শুভ ৰং নীলা।

ধনু:দৰিদ্ৰ নাৰায়ণৰ প্ৰতি চিন্তা থাকিলেও কিছু সন্দেহ মনত লাগি থাকিব। দাম্পত্য, সন্তান আদিৰ লগত মধ্যম প্ৰভাৱ। অর্থ লাভ। স্বার্থৰ বাহিৰত থকালৈ আপােনাৰ অহৈতুক অবিশ্বাস হ’ব। শুভ ৰং হালধীয়া।

মকৰ : মধ্যম হলেও সাৱধানেৰে দিনটো পাৰ কৰক। খৰচ পাতিৰ লগত কোনােৰ বাবে মনত দুখ বা অযথা কমত সময় অপব্যয় হ’ব। বিদ্যাত জটিলতা নাপায়। কর্মাদিও অযথা মন্থৰতা। শুভ ৰং ৰঙা।

কুম্ভ : ইচ্ছাকৃত কথাত কিবা বাধা পাব শৰীৰৰ অথন্তৰাে দেখা যায়। ব্যৱসায় বাণিজ্যত বেয়া দেখা নাযায়। প্রাপ্যদি কিছু পাব আৰু নতুন চিন্তাৰ উৎসাহ পাব, কিন্তু দাম্পত্যত উদ্বেগ।

মীন :খং-ৰাগ বৃদ্ধি পাব পাৰে। শৰীৰৰ উত্তাপ হলেও ভয়ৰ বিশেষ কাৰণ নাই। অৱশ্যে প্রাপ্য ধন পােৱাৰ সম্ভাৱনা থাকিব শুভ ৰং বেঙুনীয়া

Exit mobile version