বাগসাৰ বালিপুৰত মানাহৰ বন্যহস্তীৰ জাকৰ তাণ্ডৱ

কে'বাটাও পৰিয়ালৰ ঘৰদুৱাৰ-খেতি লণ্ডভণ্ড

36aaed7d 7684 4ae5 b714 312fddbb2cf9

বাগসাৰ খাৰিজা বিজনীৰ বালিপুৰত বন্যহস্তীৰ তাণ্ডৱ । মানাহৰ বন্যহস্তীয়ে বালিপুৰৰ কে’বাটাও পৰিয়ালৰ আৱাসগৃহ,পাচলি খেতিৰ বিস্তৰ ক্ষতিসাধন কৰে৷

অঞ্চলটোৰ কৃষকে কঠোৰ পৰিশ্ৰম কৰি উৎপাদন কৰা পাচলি খেতিৰ বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে ভাঙি লণ্ড-ভণ্ড কৰে কৃষকৰ আৱাসগৃহ৷

বন্যহস্তীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে বহুকেইটা পৰিয়ালৰ৷ উল্লেখ্য মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা প্ৰতিনিশা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহে হাতীৰ জাক৷

শুকুৰবাৰে নিশাও উদ্যানখনৰ পৰা ওলাই এটা হাতীৰ জাকে গৰাখহনীয়া কবলিত গাঁওখনৰ বাসিন্দাসকলে নিৰ্মাণ কৰা জুপুৰী সদৃশ কে’বাটাও গৃহ ভাঙি পেলায়৷মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে ওৰে নিশা তাণ্ডব চলায় গাঁওখনত৷

কৃষকৰ ভাষ্য অনুসৰি মানাহৰ হাবিত বন বিভাগে জুই জ্বলাই দিয়াৰ বাবে নাটনি হৈছে বন্যহস্তীৰ খাদ্য৷যাৰবাবে এনেদৰে জনাঞ্চললৈ ওলাই আহিবলৈ বাধ্য হৈছে হাতীৰ জাক৷

বালিপুৰ গাঁৱৰ দৰিদ্ৰ কৃষক নিজামুদ্দিন, আমিৰ আলী, তাইজুদ্দিন, বাহাৰ আলী, জিয়াৰত আলী আদি কৰি কেইবা গৰাকী কৃষকৰ বিলাহী, বেঙেনা, কবি আদিৰ খেতি নষ্ট কৰাৰ লগতে ঘৰ-দুৱাৰ ভাঙি পেলায় হাতীৰ জাকটোৱে৷

Exit mobile version