বৃহৎ পতন টেছেলাৰ শ্বেয়াৰ মূল্যত ,১০ হেজাৰ কোটি ডলাৰ লোকচান মাস্ক কোম্পানীৰ

1643430337 tesla

২০২১ বৰ্ষত অভিলেখ সংখ্যক বৈদ্যুতিক গাড়ী বিক্ৰী কৰিছিল টেছলাই । কিন্তু নতুন বছৰত, তেওঁলোকে বজাৰলৈ কোনো নতুন মডেল মুকলি নকৰে । শেহতীয়াকৈ এই কথা ঘোষণা কৰিলে কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কে।

টেছলাৰ এই ঘোষণাৰ দুদিনৰ ভিতৰতে কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পায়। বৃহস্পতিবাৰে টেছলাৰ শ্বেয়াৰৰ মূল্য ১২ শতাংশ হ্ৰাস পাই। এটা দিনতে, ১০হেজাৰ কোটি ডলাৰৰ বজাৰ মূল্যৰ লোকচান হ’ল আমেৰিকান কোম্পানীটোৰ ।

চতুৰ্থ তিনিমাহৰ উপাৰ্জনৰ ঘোষণাৰ পাছত টেছলাৰ শ্বেয়াৰ বজাৰৰ পতনেও বিনিয়োগকাৰীসকলৰ মাজত এক দ্বিধাৰ সৃষ্টি কৰিছে। দুদিন আগতে, টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কে নতুন প্ৰযুক্তিৰ কথা ঘোষণা কৰিছিল আৰু কয় যে তেওঁলোকে এই বছৰ কোনো নতুন মডেলৰ গাড়ী মুকলি নকৰে।

তেওঁ আনকি কয় যে বহুচৰ্চিত ‘চাইবাৰ ট্ৰাক’ ও ২০২২ চনত বজাৰলৈ অহা নাই। ইয়াৰ উপৰিও, ইভি মডেলৰ দুটা বৈদ্যুতিক গাড়ীৰ মডেলৰ উৎপাদনো স্থগিত ৰখা হৈছিল।এই ঘোষণাৰ পাছত, বৃহস্পতিবাৰে টেছলাৰ শ্বেয়াৰ বজাৰ এক অভিলেখ নিম্নস্তৰলৈ হ্ৰাস পায়।

ঘটনাক্ৰমে, টেছলাৰ গাড়ী খন কেতিয়া ভাৰতীয় বজাৰত আহিব সেই সন্দৰ্ভত এলন মাস্কৰ মন্তব্যক লৈ দেশখনত যথেষ্ট সমালোচনা হৈছিল। এজন নেটিজেনৰ প্ৰশ্নৰ উত্তৰ দি মাস্কে টুইট কৰি কয় যে মোদী চৰকাৰৰ স’তে কাম কৰাটো কঠিন। কিন্তু তেওঁলোকে চেষ্টা কৰি আছে।

Exit mobile version