SBI :তিনি মাহৰ অন্তঃসত্বা হ’লে নহ’ব নিয়োগ ,এছবিআই-ৰ নতুন নিয়মত বিতৰ্ক

1643439259 sbi

মহিলা চাকৰি প্ৰাৰ্থীসকলৰ বাবে নতুন নিয়ম আনিছে ভাৰতীয় ষ্টেট বেঙ্কে (এছবিআই) । যদি কোনো মহিলা চাকৰি প্ৰাৰ্থী তিনি মাহৰ অন্তঃসত্বা হয় তেন্তে তেওঁক ‘টেম্পোৱাৰিলি আনফিট’ বা অস্থায়ীভাৱে কাম কৰিবলৈ অনুপযুক্ত বুলি গণ্য কৰা হ’ব।

এছবিআইৰ এই জাননী পোহৰলৈ অহাৰ পাছতে আৰম্ভণি হৈছে বিতৰ্ক । এইবাৰ এই সংক্ৰান্তত দেশৰ বৃহত্তম চৰকাৰী বেংকলৈ জাননী প্ৰেৰণ কৰিলে মুম্বাই মহিলা আয়োগে । আয়োগৰ অধ্যক্ষ স্বাতী মল্লিয়ালৰ দাবী , এছবিআইৰ সিদ্ধান্ত “পক্ষপাতদুষ্ট” আৰু “অনৈতিক”।

এছবিআই কৰ্তৃপক্ষই শেহতীয়াকৈ বেংকত মহিলা চাকৰি প্ৰাৰ্থীৰ নিযুক্তিৰ নিয়মত এটা ডাঙৰ পৰিৱৰ্তন কৰিছে। নিযুক্তিৰ বাবে আটাইতকৈ নতুন মেডিকেল ফিটনেছ নিৰ্দেশনাত কোৱা হৈছে যে যদি এগৰাকী মহিলা কোম্পানীত কাম কৰাৰ ক্ষেত্ৰত তিনি মাহৰ গৰ্ভৱতী হয়, তেন্তে তেওঁক অস্থায়ীভাৱে কামৰ বাবে অযোগ্য বুলি গণ্য কৰা হ’ব।

এই নিয়মটো ‘নতুন নিযুক্তি আৰু প্ৰমিটাছৰ বাবে চিকিৎসা ফিটনেছ আৰু অপ্থালামোলেজিকেল মানদণ্ড’ অনুসৰি সলনি কৰা হৈছে। এই জাননী মুকলি হোৱাৰ লগে লগে বিভিন্ন মহলত সমালোচনা আৰম্ভ হয়। মুম্বাই মহিলা আয়োগে নিৰ্দেশনাসমূহ প্ৰত্যাহাৰৰ দাবীত এছবিআইলৈ এখন জাননী প্ৰেৰণ কৰিছে। আয়োগৰ অধ্যক্ষজনেও এইটো তেওঁৰ টুইটাৰ হেণ্ডেলত পোষ্ট কৰে।

লক্ষণীয় যে পূৰ্বৰ নিয়ম অনুসৰি, ভাৰতীয় ষ্টেট বেঙ্কে ছয় মাহৰ গৰ্ভৱতী মহিলা চাকৰি প্ৰাৰ্থীসকলক চৰ্ত সাপেক্ষে কামত যোগদান কৰিবলৈ অনুমতি দিছিল।

কিন্তু সেই যোগদানৰ বাবে চৰ্তও আছিল। অৰ্থাৎ, সংশ্লিষ্ট চাকৰি প্ৰাৰ্থীৰ ওচৰত এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞৰ প্ৰমাণপত্ৰ থাকিব লাগিব। য’ত এইটো লিখা হ’ব, গৰ্ভৱতী অৱস্থাত নিযুক্তিৰ ক্ষেত্ৰত তেওঁৰ ভ্ৰূণৰ স্বাভাৱিক বিকাশত কোনো সমস্যা নহ’ব। ইয়াৰ বাহিৰে, যদি তেওঁ প্ৰাসঙ্গিক সময়ত চাকৰিটো গ্ৰহণ কৰে তেন্তে গৰ্ভপাত বা স্বাস্থ্যহানিৰ কোনো আশংকা নাই।

Exit mobile version