এবাৰ চার্জ দিলেই চলিব ১০০০ কিলােমিটাৰ

বজাৰলৈ আহিল মাৰ্চিডিজৰ নতুন বিলাসী বাহন

2021 12 07 Image 22C0001 151 scaled

বিলাসী বাহন নির্মাতা কোম্পানী মাৰ্চিডিজ বেঞ্জে বজাৰত শেহতীয়াকৈ মুকলি কৰিছে ইয়াৰ বহু প্রত্যাশিত নতুন ভিজন ইকিউএক্সএক্স কনচেপ্টৰ বিলাসী বৈদ্যুতিক বাহন। কোম্পানীটোৱে জানিবলৈ দিয়া মতে, অচিৰেই এই মডেলখনৰ এক প্রজেকচন ভাৰ্ছনাে বজাৰত মুকলি কৰা হ’ব।

গাড়ীখনৰ বিশেষত্ব এই যে ইয়াত ব্যৱহাৰ কৰা হৈছে শক্তিশালী বেটাৰী যাক মাত্ৰ এবাৰ চার্জ দিলেই চলিব পাৰে ১০০০ কিলােমিটাৰ পর্যন্ত ! এই গাড়ীখনৰ বেটাৰী ব্যয় প্রতিঘণ্টাত ১০০ কিলােৱাটৰাে কম হ’ব বুলি জানিব দিছে কোম্পানীটোৱে।

মার্চিডিজৰ ইকিউএছ মডেলৰ বিপৰীতে নতুন ভিজন ইকিউএক্সএক্সৰ বেটাৰীৰ আয়তন আৰু ওজনাে ক্রমে ৫০ শতাংশ আৰু ৩০ শতাংশ কম। এই বৈদ্যুতিক বাহনখনৰ ওজন প্রায় ১৭৫০ কিলােগ্রাম।

আটাইতকৈ উল্লেখযােগ্য দিশটো এই যে নতুন ভিজন ইকিউএক্সএক্সৰ কেবিনত থকা সকলাে আচবাব পৰিৱেশ সন্মতভাৱে তৈয়াৰী। কেবিনত আছে বায়ােষ্টীল, ৰেচমসদৃশ আঁহ, কাঠফুলাৰ পৰা বনােৱা ভেগান চামৰা, কেকটাছৰ পৰা বনােৱা চামৰা, আৰু বাঁহেৰে নির্মিত কার্পেট।

লগতে গাড়ীখনৰ ওপৰভাগত সৌৰ পেনেলৰাে ব্যৱস্থা ৰখা হৈছে যাতে প্রয়ােজনত সৌৰশক্তিৰ দ্বাৰা অন্য বিভিন্ন কার্য সম্পাদন কৰাৰ লগতে পৃথকে ৰখা লিথিয়াম বেটাৰীৰ জৰিয়তে ২৫ কিলােমিটাৰ পর্যন্ত চলাব পাৰি।

Exit mobile version