ক’ভিডৰ বিৰুদ্ধে যুঁজ দিবলৈ কিয় ভিটামিন ‘ডি’ৰ প্ৰয়ােজন

jpg

যেতিয়া শৰীৰৰ ৰােগ প্ৰতিৰােধ ক্ষমতা স্বাভাৱিক হৈ থাকে তেতিয়া যিকোনাে ৰােগৰ ভাইৰাছ সহজে আক্রমণ কৰিব নােৱাৰে। সকলাে মানুহৰ প্ৰতিৰােধ ক্ষমতা সক্ষম নহয়।

যিসকলৰ প্ৰতিৰােধ ক্ষমতা বেছি তেওঁলােকৰ ৰােগ হলেও জটিলতা কম হয়। সেইবাবে সাম্প্রতিক সময়ত সকলােৱে প্ৰতিৰােধী ক্ষমতা বৃদ্ধিৰ ওপৰত গুৰুত্ব প্রদান কৰিছে।

ভিটামিন ‘চি’ আৰু ‘ডি’ যুক্ত খাদ্য গ্রহণৰ জৰিয়তে ক’ভিদৰ বিৰুদ্ধে যুঁজ দিয়াৰ পাছত সজাগতাৰ সৃষ্টি কৰা হৈছে। ভিটামিন ‘ডি’ খালে প্রতিৰােধ ক্ষমতা বৃদ্ধিৰ উপৰি শৰীৰত প্রদাহৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি।

যেতিয়া শৰীৰৰ এইবিধ ভিটামিন কম পৰিমাণে থাকে তেতিয়া নিউমেনিয়াৰ আশংকাও বৃদ্ধি পায়। এনে হ’লে তেজত ‘ক্লট’ হােৱাৰ আশংকাও নুই কৰিব নােৱাৰি।

বিশেষকৈ অতিৰিক্ত ওজন আৰু ডায়েবেটিছৰ সমস্যা থাকিলে এনে ধৰণৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰে। তদুপৰি শ্বাসনলীৰ সংক্রমণ প্রতিৰােধতাে উপকাৰী বুলি কোৱা হয়। সেইবাবে সকলােৱে নিয়মীয়াকৈ ভিটামিন ‘ডি’ গ্ৰহণৰ ওপৰত গুৰুত্ব প্রদান কৰা উচিত।

Exit mobile version