নাকৰ শব্দ ওলাইছে নেকি ? জানি লওক ইয়াৰ কাৰণ

The Different Types of Snoring 1

নিশা শােৱাৰ সময়ত প্ৰায়ভাগ লােকৰেই নাকৰ পৰা ঘৰ ঘৰ শব্দ হ’বলৈ ধৰে। আনকি এনে শব্দৰ বাবে বহুতেই নিশা ভালদৰে টোপনি যাব নােৱাৰে। বিশেষকৈ পতি-পত্নীৰ মাজত যদি কোনােবা এগৰাকীৰ এনে সমস্যা থাকে তেতিয়াহ’লে সংগীগৰাকীৰ এনে অৱস্থাৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে কিছুমান বিষয়ত গুৰুত্ব প্রদান কৰিব লাগিব।বহুতে এয়া এক সাধাৰণ ঘটনা বুলি ভাবে যদিও বয়সৰ লগে লগে সমস্যাই জটিল ৰূপ ধাৰণ কৰে। সেই বাবে নাকৰ পৰা ওলােৱা শব্দ আঁতৰ কৰিবলৈ যিবােৰ বিষয়ত মন দিব লাগে সেয়া উল্লেখ কৰা হ’ল—

★টোপনিৰ সময়ত যদি শ্বাস- প্রশ্বাস সঠিকভাৱে নহয় তেতিয়া ইয়াৰ প্ৰভাৱ শৰীৰৰ ওপৰত পৰাটো নিশ্চিত। বিভিন্ন ৰােগৰ বাবে নাকৰ পৰা শব্দ ওলায়। সেইবাবে ইয়াৰ পৰা হাত সাৰিবলৈ এজন বিশেষজ্ঞৰ পৰামর্শ গ্রহণ কৰা উচিত।

★টোপনি যােৱাৰ ভংগিমা যদি ত্রুটিপূর্ণ হয় তেতিয়াহ’লে এনে সমস্যাৰ সৃষ্টি হ’ব পাৰে। বহুতাে লােকে শােৱাৰ সময়ত যি ভংগিমা লয় তাৰ পৰা চাপ নাকৰ ওপৰতাে পৰে।সেইবাবে লাহে লাহে নাকৰ শব্দ হােৱাৰ লগতে শ্বাস-প্রশ্বাসৰ সমস্যাই দেখা দিয়ে।

★মেদবহুল লােকসকলে সদায় সতর্ক হ’ব লাগিব। কাৰণ এনে লােকৰ শৰীৰৰ অতিৰিক্ত ওজনৰ বাবে নাকৰ ওপৰত প্ৰভাৱ পৰে।

★শেহতীয়াভাৱে গৱেষকসকলে এই বুলি মন্তব্য আগবঢ়াইছে যে (ট্রোপনি ভাল নহ’লে’ও এনে সমস্যাৰ সৃষ্টি হ’ব পাৰে।
প্ৰতিগৰাকী লােকে সাতৰ পৰা ন ঘণ্টা পর্যন্ত টোপনি যাব লাগে যদিহে পর্যাপ্ত টোপনি নহয় তেতিয়াহ’লেও নাকৰ পৰা শব্দ হয়।

★মদ্যপানৰ বাবেও এনে সমস্যাৰ সৃষ্টি হ’ব পাৰে বুলি গৱেষকসকলে মন্তব্য কৰিছে। সেইবাবে মদ্যপান কৰা লােকসকলে চিকিৎসক পৰামর্শ গ্রহণ কৰা উচিত।

★মদ্যপানৰ সমানেই ক্ষতিকাৰক ধূমপান। বহুতে এই বিষয়ে জ্ঞাত নহয় বাবে নাকৰ পৰা শব্দ হােৱাৰ পাছতাে বিষয়টোত গুৰুত্ব প্রদান নকৰে।

★এনে ধৰণৰ সমস্যাৰ সৃষ্টি হলে বিষয়টো একেবাৰে অৱহেলা নকৰি চিকিৎসকৰ পৰামর্শ গ্রহণ কৰা উচিত। যিমানেই পলম হ’ব সিমানেই সমস্যাই জটিল ৰূপ ধাৰণ কৰাৰ আশংকা থাকে।

★শিশুৰ যদি এনে হয় তেতিয়াহ’লে শীঘ্রেই চিকিৎসক ওচৰলৈ যাব লাগে। কাৰণ কেতিয়াবা নাকৰ হাড় আদি বেঁকা থাকিলেও এনে হ’ব পাৰে।

Exit mobile version