চুলি পকিছে?সমস্যা দূৰ কৰিবলৈ খাওক এই সমূহ খাদ্য

Hair

কম বয়সত বহুতৰে চুলি পকে ।আনকি বহুলোকৰ আকৌ সম্পূৰ্ণ চুলি নগজে ।এই সমস্যা হ’ব পাৰে বংশগত। বহুতৰে অনিয়মিত জীৱন যাপনৰ বাবেও হ’ব পাৰে এই সমস্যা।

অৱশ্যে এই সমস্যা অতি সহজে দূৰ কৰিব পাৰে । কেৱল মাত্ৰ সলনি কৰিব লাগিব আপোনাৰ খোৱা লোৱাৰ অভ্যাস ।তেতিয়া দীৰ্ঘদিন ধৰি থাকিব আপোনাৰ কলা চুলি (Hair Care Tips)

(১) পুৱা খালি পেটত এক গিলাছ গৰম পানী খাওক। ইয়াৰ লগত নেমুৰে ৰস আৰু এক চামুচ মৌ মিহলি কৰিব পাৰে ।ইয়াৰ ফলত লিভাৰ ভালে থাকিব আৰু চুলি ভালে থাকিব ।

(২) পুৱা শুই উঠি গুৰ আৰু মেথি খাওক । ই চুলিৰ যিকোনো সমস্যা দূৰ কৰিব । পকা চুলিৰ সমস্যাৰ পৰাও পাব পৰিত্ৰাণ ।

(৩)সপ্তাহত অন্তত দুদিন এক চামুচ কলা তিল খাব । ৰাতি শোৱাৰ আগত মূৰত তিল তেল লগাব পাৰে আৰু পাছদিনা ধুই দিব । এনে কৰিলে চুলি ভালে থাকে ।

(৪) সপ্তাহত অন্তত এদিন গাজৰৰ ৰস খাব ।ই চুলিৰ গুৰি শক্তি কৰে আৰু চুলি সৰা হ্ৰাস কৰে।

Exit mobile version