গুৱাহাটীত পালন বিশ্বাসঘাটকতা দিৱস

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে আন্দোলনকাৰী কৃষক সংগঠনসমূহক প্ৰদান কৰা প্ৰতিশ্ৰুতি পালন নকৰাৰ প্ৰতিবাদত সংযুক্ত কৃষান মৰ্চা ,ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেছন সমূহৰ যৌথ আহ্বানত সমগ্ৰ দেশতে আজি পালন কৰা হৈছে বিশ্বাসঘাটকতা দিৱস । তাৰ লগতে সংগতি ৰাখি গুৱাহাটীতো পালন কৰা হৈছে বিশ্বাসঘাটকতা দিৱস ।

বিগত বৰ্ষত যি কৃষক আন্দোলন হৈছিল এই আন্দোলনৰ ফলত তিনিখন কৃষি বিৰোধী আইন বাতিল কৰা হয়। সেই সময়তে কে’বাটাও দাবী ভিত্তিত চুক্তি হৈছিল কৃষক আন্দোলনকাৰীসকলৰ লগত ।

তাৰ ভিতৰত আছিল এমএছপি ৰে সম্পর্কত এখন কমিটি গঠন কৰা ।আন্দোলনত শ্বহীদ হোৱা কৃষকৰ পৰিয়ালক পৰ্যাপ্ত পৰিমাণৰ সাহাৰ্য দিয়াকে ধৰি অন্য কিছুমান দাবী যিসমূহৰে প্ৰতিশ্ৰুতি দি আজি পৰ্যন্ত পালন নকৰিলে কেন্দ্ৰীয় চৰকাৰে ।

Exit mobile version