ইলেকট্ৰিক শ্বক দিছিল চীনা সেনাই ! অকথ্য অত্যাচাৰৰ কথা জনালে অৰুণাচলৰ ‘অপহৃত’ কিশোৰে

tu1419z9bczyzg7q 1643640393

অৰুণাচল প্ৰদেশৰে অপহৃত কিশোৰজনৰ ওপৰত চলোৱা হৈছিল অকথ্য অত্যাচাৰ । তেওঁ কিছুদিনৰে আগতে দেশলৈ উভতি আহিছিল।

তাৰ পাছত তেওঁ জনাইছে, তেওঁৰ ভয়ংকৰ অভিজ্ঞতা বিষয়ে । যি শুনিলে আচৰিত হ’ব আপুনিও ।কি জনালে মিৰাম টেৰণে ? সোমবাৰে সন্ধিয়া, ইটানগৰৰ কাষত অভিভাৱকৰ ওচৰত গতাই দিলে মিৰামক ।

স্থানীয় প্ৰশাসনে তেওঁক উষ্ম আদৰণি জনাইছে। তেতিয়াই ১৭ বছৰীয়া মিৰাম টেৰণৰ পিতৃয়ে তেওঁৰ পুত্ৰৰ অভিজ্ঞতাৰ বিষয়ে সকলোকে জনায়।

তেওঁ জনাইছে, তেওঁৰ পুত্ৰ চীনা সেনাই চলোৱা অত্যাচাৰত মানসিক ভাৱে বিপৰ্যস্ত হৈ পৰিছে ।তেওঁক প্ৰচণ্ড মাৰ ধৰ কৰাৰ লগতে মৃদু ইলেকট্ৰিক শ্বক দিয়া হৈছিল । প্ৰায়খিনি সময়ে তেওঁৰে হাত পিঠিৰ পিছফালে বান্ধি ৰখা হৈছিল। হাত কেৱল আহাৰ খোৱাৰ সময়ত বা অন্যান্য প্ৰয়োজনীয় সময়ত খোলা হৈছিল। খাদ্যও দিয়া হৈছিল সামান্য ।

 

মিৰাম টেৰণ কিছুদিনৰে আগতে ইণ্ডো-চীন সীমান্তৰ লুংটা জ’ৰ অঞ্চলত এজন বন্ধুৰ স’তে চিকাৰ কৰিবলৈ গৈছিল। তাৰ পাছত চীনা সেনাই তেওঁক অপহৰণ কৰে।

মিৰম টেৰণৰ বন্ধু জনি ইং চীনা সেনাৰ পৰা পলাই যায়। জনিয়েই বিষয়টো স্থানীয় প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিছিল। পাছত, স্থানীয় সাংসদ তাপিৰ গাওঁৱে কে’বাটাও টুইটযোগে ঘটনাটো ৰাজহুৱা কৰে।

তেওঁ অনুৰোধ কৰিছিল যে ভাৰতীয় সংস্থাসমূহে তৎক্ষণাৎ কাম কৰিব লাগে আৰু মিৰাম টেৰণৰক দেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিব লাগে।

কেন্দ্ৰৰ নিৰ্দেশত ভাৰতীয় সেনা সক্ৰিয় হৈ পৰে। ঘটনাটোৰ বিৱৰণ চীনক প্ৰদান কৰি, কিশোৰজনক বিচাৰি উলিয়াবলৈ আৰু প্ৰ’টকল অনুসৰি ভাৰতলৈ ঘূৰাই অনাৰ বাবে অনুৰোধ জনোৱা হৈছিল।

পাছত, ভাৰতীয় সেনাই কিশোৰজনৰ পৰিচয়, ব্যক্তিগত তথ্য আৰু ফটো চীনক প্ৰদান কৰে। বৃহস্পতিবাৰে, মিৰামক চীনা সেনাই ভাৰতীয় সেনাক হস্তান্তৰ কৰে।

Exit mobile version