জন্মদিনৰ দিনটোতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ’ল গান্ধীবস্তিস্থিত গান্ধী নগৰ মজলীয়া বিদ্যালয়ত

বিদ্যালয় খনত এটা সুন্দৰ বিল্ডিং নিৰ্মাণৰ বাবে তিনি কোটি টকাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ।

শিক্ষকৰ ব্যৱস্থাও কৰা হ’ব পৰ্যাপ্ত পৰিমানে।

• দুই/তিনি বছৰৰ ভিতৰত বিদ্যালয় খনক “মডেল স্কুল” পৰ্য্যায়লৈ লয় যোৱাৰ পৰিকল্পনা।

• মোৰ অফিচটোৱেই এই বিদ্যালয় খনৰ চাৰি গুণ হ’ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ। “আজি আহি আচৰিত হৈছো,পঢ়ি থকা সময়ত কিন্তু এইখিনিয়েই বহুত ডাঙৰ যেন লাগিছিল।”

“গান্ধীবস্তিৰ ল’ৰা এজন অসমৰ মুখ্যমন্ত্ৰী হৈছে আপোনালোকৰ আশীৰ্বাদত”

• সকলোকে বিদ্যালয়লৈ উভতি আহি বিদ্যালয়ৰ উত্তৰণৰ কাম কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

• মুখ্যমন্ত্ৰীয়ে নিজেই পঢ়া স্কুল-কলেজলৈ গৈ সামৰ্থ্য অনুযায়ী স্কুল-কলেজ সমূহৰ উত্তৰণৰ কাম কৰাৰ পৰিকল্পনা

• মুখ্যমন্ত্ৰীয়ে দ্বিতীয় শ্ৰেণীত নামভৰ্তি কৰিছিল নতুন শৰণীয়া প্ৰাথমিক বিদ্যালয়ত

• “মা দেউতা কাহিলিপাৰা লৈ উঠি গ’লেও গান্ধিবস্তিৰ ল’ৰা বুলি কৈয়েই গৌৰৱ অনুভৱ কৰোঁ”

• বেলেগৰ ঘৰৰ পৰা মধুৰীআম ছিঙি অনা, বেৰা ভঙা বহু দুষ্টালিৰ স্মৃতি গান্ধীবস্তি

• গান্ধীবস্তিত বহু কাজিয়া, মাৰ পিটৰ ঘটনাৰ স্মৃতিও আছে।

• যিমান উৎপাত এই বিদ্যালয়ত কৰিছিলোঁ আজি সকলো ৰাজহুৱা ভাৱে ক’ব নোৱাৰো।

• “গান্ধিবস্তি মোৰ area আছিল।” পাহাৰলৈ উঠি গৈ বান্দৰ কেঁকোৰা আনি কিমানৰ গাত সানিলোঁ হিচাপ নাই।

• যোগেশ্বৰ ছাৰে আমাৰ হাতত কিমান মাৰিছিল হিচাপ নাই কিন্তু মাৰ খাই ভালো লাগিছিল।

জীৱনত কিবা অলপ অলপ পোৱাৰ আৰম্ভণি গান্ধী নগৰ মজলীয়া বিদ্যালয়ৰ পৰাই আৰম্ভ হৈছিল।

• অসমৰ শিক্ষানুষ্ঠানৰ লগত বাহিৰৰ শিক্ষানুষ্ঠানৰ ৰিজনী মুখ্যমন্ত্ৰীৰ।

অসমত বিদ্যালয় সমূহ ভেন্সাৰ নোহোৱালৈ কাকতি মিনতি কৰে কিন্তু ভেন্সাৰ হোৱাৰ পিছত আকৌ বাহিৰৰ মানুহ আহিলে বেয়া পোৱা হয়।

• গান্ধী নগৰ মজলীয়া বিদ্যালয়ত মোৰ ৰোল নং আছিল ছয়

• ছয় ৰ পৰা তিনি হ’ল। কিন্তু তিনি ৰ পৰা আৰু আগুৱাব নোৱাৰিলোঁ বুলি স্বভাৱসুলভ মন্তব্য মুখ্যমন্ত্ৰীৰ।

Exit mobile version