Aishwaryaa : ধনুষৰ স’তে বিচ্ছেদৰ ঘোষণা পাছত অসুস্থ ঐশ্বৰ্যা,ভৰ্তি চিকিৎসালয়ত

1642856439 dhanush 1 1

কৰ’না আক্রান্ত পৰিচালক ঐশ্বৰ্যা। ভৰ্তি চিকিৎসালয়ত । ধনুষৰে স’তে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লোৱাৰ পাছৰে পৰা বাৰে বাৰে শিৰোনাম দখল কৰি আহিছে ঐশ্বৰ্যাই ।

এইবাৰ, তেওঁৰ অসুস্থতাৰ খবৰ দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্তৰ জ্যেষ্ঠ কন্যাই নিজেই ঘোষণা কৰে।

ইনষ্টাগ্ৰামত তেওঁ লিখিছে, “সকলো সাৱধানতা স্বত্বেও, মই ক’ভিডত আক্রান্ত । চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অনুগ্ৰহ কৰি সকলোৱে মাস্ক পিন্ধিব আৰু কৰ’না ভেকছিন লওক।

ঐশ্বৰ্যই পোষ্টটোৰ স’তে নিজৰ এখন ফটোও পোষ্ট কৰিছে। য’ত তেওঁক বিচনাত শুই থকা দেখা গৈছে ।

যোৱা মাহত ধনুষ আৰু ঐশ্বৰ্যাই টুইটাৰ আৰু ইনষ্টাগ্ৰামত তেওঁলোকৰ বিবাহ বিচ্ছেদৰ সিদ্ধান্ত ঘোষণা কৰিছিল ।তথ্য অনুসৰি মানসিক হতাশাত ভূগোছে অভিনেতা ৰাজনীকান্তো। বাৰে বাৰে তেওঁৰ জোঁৱাইম লগ কৰিবলৈ আৰু মীমাংসা কৰিবলৈ চেষ্টা কৰি আছে অভিনেতাজনে । কিন্তু ধনুষে লগ কৰিবলৈ অস্বীকাৰ কৰিছে।

আনহাতে, ধনুষৰ দেউতাক, দক্ষিণৰ পৰিচালক কস্তুৰী ৰাজাই সংবাদ মাধ্যমৰ আগত কয় যে বিবাহ বিচ্ছেদ ঘোষণাৰ কাৰণ হৈছে “পাৰিবাৰিক বিবাদ”। তেওঁলোকে নিজৰ স’তে কথা পাতি বিবাদটো সমাধান কৰিবলৈ চেষ্টা কৰি আছে। তেওঁ দাবী কৰিছিল যে তেওঁ ধনুষ আৰু তেওঁৰ বোৱাৰীক পৃথক হ’বলৈ নিদিয়ে।

Exit mobile version