মাতৃ হোৱাৰ প্ৰিয়ংকাৰে প্ৰথম পোষ্ট ,অনুৰাগীৰ স’তে শ্বেয়াৰ কৰিলে অনুভৱ

ij9vpngo priyanka chopra

শেহতীয়াকৈ ছেৰোগেচীৰ জৰিয়তে মাতৃ হৈছে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা ।সকলো কামৰ চাপ এৰি এতিয়া তেওঁলোকৰ কন্যা সন্তানক যত্ন লোৱাৰ ওপৰত গুৰুত্ব দিছে প্ৰিয়ংকা আৰু তেওঁৰ স্বামী নিক জোনাছে ।

সেয়েহে ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় হৈ থকা প্ৰিয়ংকাই আজি কালি নিয়মীয়াকৈ ফটো পোষ্ট নকৰে । কিন্তু অনুৰাগীসকলক আৰু নিৰাশ নকৰিলে তেওঁ।মাতৃ হোৱাৰ পাছত এইবাৰ ফটো আপলোড কৰিলে অভিনেত্ৰীগৰাকীয়ে । মাতৃ হোৱাৰ পাছত, তেওঁ ইনষ্টাগ্ৰামলৈ পুনৰ ঘূৰি আহিল আৰু ফটো পোষ্ট কৰি জনালে তেওঁৰ মাতৃ হোৱাৰ পাছৰে অনুভৱ।

প্ৰিয়ংকাই ইনষ্টাগ্ৰামত লিখিছে , ‘এই পোহৰটো ভাল লাগিছে!’ এই ছবিখনৰ পৰা প্ৰিয়ংকাই ইংগিত দিছে যে তেওঁ মাতৃ হোৱাৰ প্ৰতিটো মুহূৰ্ত কেনেদৰে উপভোগ কৰি আছে।

বিগত ২২ জানুৱাৰীৰ মাজনিশা ছচিয়েল মিডিয়াত ছাৰোগেচীৰ জৰিয়তে মাতৃ হোৱাৰ খবৰ দিছিল জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে । তেওঁলোকে জনায় যে এই সময় নিক আৰু প্ৰিয়ংকাই কেৱল শিশুটোক হে দিব বিচাৰে।

Exit mobile version