২৭দিন মৃত্যুৰ স’তে যুঁজি ,অৱশেষত হাৰ মানিলে কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰে

Nightingale of Bollywood Turns 89 11 Little Known Stories About Lata Mangeshkar

কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ দেশৱসান। ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে গায়িকাগৰাকীয়ে । প্ৰায় চাৰি সপ্তাহৰ ধৰি চিকিৎসালয়ত ভৰ্তি আছিল লতা মংগেশকাৰ।

শনিবাৰে, তেওঁৰ স্বাস্থ্য অৱনতি হোৱাত ভেন্টিলেছনত ৰখা হয় আৰু অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে কণ্ঠশিল্পীগৰাকীয়ে ।

ক’ভিডত আক্ৰান্ত হোৱাৰ পাছত ১১ জানুৱাৰীত মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল লতাক। ক’ভিডৰ লগতে নিউমোনিয়াত ভুগি আছিল গায়িকাগৰাকী ।

আৰম্ভণিৰে পৰা তেওঁক ৰখা হৈছিল আইচিইউত । ৩০জানুৱাৰীত ক’ভিতড নিগেটিভ হৈছিল তেওঁৰ। কিন্তু বয়স সম্পৰ্কীয় সমস্যাৰ বাবে, তেওঁ শেষলৈকে যুঁজিব নোৱাৰিলে।

কন্ঠশিল্পীগৰাকীক পূৰ্বতেও সংকটজনক অৱস্থাত কে’বাবাৰো চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছিল।

লতাৰ জন্ম ১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰত এটা মাৰাঠী পৰিয়ালত হয়। তেওঁ মাত্ৰ ১৩ বছৰ বয়সত তেওঁৰ পিতৃক হেৰুৱাইছিল। কিন্তু তাৰ আগতে তেওঁৰ পিতৃৰ পৰা অভিনয় আৰু গান শিকিবলৈ আৰম্ভ কৰিছিল।

১৩-১৪ বছৰ বয়সত তেওঁ প্ৰথমবাৰৰ বাবে এখন চিনেমাত গান গাই। সেইখন আছিল এখন মাৰাঠী ছবি ।

Exit mobile version