Lata Mangeshkar : অপূৰণীয় শূন্যতা , কোকিলকণ্ঠীৰ বিয়োগত শোকপ্ৰকাশ প্ৰধানমন্ত্রীৰ

1644123731 modi lata

মোৰ ভাষা হেৰাইছে। অত্যন্ত দয়ালু আৰু আদৰৰ লতাদিদীয়ে আমাক এৰি গুচি গ’ল। কোকিলাকান্তিৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

টুইট কৰি তেওঁ লিখিছে ,”তেওঁৰ প্ৰস্থানে এক শূন্যতাৰ সৃষ্টি কৰিছে যি কেতিয়াও পূৰণ নহ’ব। ভাৰতীয় সংস্কৃতিৰ এক কিংবদন্তী হিচাপে, লতা মংগেশকাৰক পৰৱৰ্তী প্ৰজন্মই স্মৰণ কৰিব, যাৰ সুমধুৰ কণ্ঠই প্ৰজন্মক মন্ত্ৰমুগ্ধ কৰি তুলিছে।

কৰ’নাত সংক্ৰমিত হোৱাৰ পাছত গায়িকগৰাকীক ১১ জানুৱাৰীত মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। নিউমোনিয়াতো ভুগি আছিল গায়িকাগৰাকী।

৩০ জানুৱাৰীত তেওঁৰ ক’ভিড ৰিপৰ্ট নিগেটিভ আহে যদিও বয়স সম্পৰ্কীয় সমস্যাৰ বাবে, তেওঁ শেষলৈকে যুঁজিব নোৱাৰিলে। দেওবাৰে পুৱা ৮.১৩ বজাত বহু-অংগ বিকল হোৱাৰ ফলত কণ্ঠশিল্পীগৰাকীৰ মৃত্যু হয়।

Exit mobile version