বেচৰকাৰী মেডিকেল কলেজৰ ৫০ শতাংশ আসনৰ মাচুল হ’ব চৰকাৰী নিৰিখত

medical

বেচৰকাৰী মেডিকেল কলেজৰ মাচুল নির্ধাৰণৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিলে কেন্দ্ৰৰ চৰকাৰে। এতিয়াৰে দেশৰ বেচৰকাৰী খণ্ডৰ মেডিকেল কলেজ ৫০ শতাংশ আসনৰ মাচুল চৰকাৰী মেডিকেল কলেজৰ নিৰিখত নির্ধাৰণ কৰা হ’ব।

ADVERTISEMENT

অৱশ্যে প্রাথমিকভাৱে কেৱল যিসকল ছাত্র-ছাত্রীয়ে চৰকাৰৰ কোটাৰ আসনত নামভৰ্তি কৰিব, তেওঁলােকে চৰকাৰী নিৰিখত মাচুল আদায়ৰ সুবিধা লাভ কৰিব।

শেহতীয়াকৈ ৰাষ্ট্ৰীয় মেডিকেল আয়ােগে এক বিবৃতিত এই কথা প্রকাশ কৰি কয় যে বিশেষজ্ঞ সমিতিৰ আলােচনাৰ পাছত সিদ্ধান্ত লােৱা হৈছে যে কোনাে ৰাজ্য বা কেন্দ্রীয়শাসিত অঞ্চলত যি চৰকাৰী মেডিকেল কলেজ আছে, সেই শিক্ষানুষ্ঠানত স্নাতক আৰু স্নাতকোত্তৰ পর্যায়ত যি মাচুল আদায় দিব লাগে, সম পৰিমাণৰ মাচুল দেশৰ বেচৰকাৰী মেডিকেল কলেজৰ ৫০ শতাং আসনত ছাত্র-ছাত্রীয়ে আদায় দিব লাগিব।

চৰকাৰী সংৰক্ষণ নীতিৰ অধীনত যিসকলে নামভর্তি কৰে,তেওঁলােকে এই বিশেষ মাচুলৰ সুবিধা প্রথমে লাভ কৰিব। যদি চৰকাৰৰ সংৰক্ষণৰ আসনৰ সংখ্যা ৫০ শতাংশ কম হয়, তেন্তে সম্পূর্ণ মেধাৰ ভিত্তিত gঅন্যান্য প্রার্থীসকলে মাচুল আদায়ৰ ক্ষেত্ৰত এই সুবিধা লাভ কৰিব।

Exit mobile version