বিশ্বৰ প্ৰভাৱশালী নেতাৰ তালিকাত পুনৰ শীৰ্ষত মোদী

Modi birthday 1

বিশ্বৰ প্রভাৱশালী ১৩ খন দেশৰ ৰাষ্ট্রনেতাৰ মাজত জনপ্রিয়তাত পুনৰ শীর্ষস্থান দখল কৰিলে ভাৰতৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে। গ্রহণযােগ্যতাৰ হাৰৰ নিৰিখত মােদীয়ে পিছ পেলালে আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেন, ব্রিটেইনৰ প্রধানমন্ত্রী বৰিছ জনছন, কানাডাৰ প্রধানমন্ত্রী জাষ্টিন ট্ৰুডুৰ দৰে বিশ্বখ্যাত নেতাক।

আমেৰিকাৰ ডেটা ইন্টেলিজেন্স প্রতিষ্ঠান মর্ণিং কনচাল্ট পলিটিকেল ইন্টেলিজেন্স দ্বাৰা প্রকাশিত সাম্প্রতিক গ্ল’বেল ৰেটিং সমীক্ষাৰ প্রতিবেদন অনুসৰি বিশ্বৰ ৭২ শতাংশ মানুহৰ ওচৰত মােদীৰ গ্রহণযােগ্যতা আছে। যােৱা ২০ জানুৱাৰীত মর্ণিং কনচাল্ট পলিটিকেল ইন্টেলিজেন্সে অষ্ট্রেলিয়া, ব্রাজিল, কানাডা, ফ্রান্স, জার্মানী,ভাৰত, ইটালী, জাপান, মেক্সিকো, দক্ষিণ কোৰিয়া, স্পেইন, আমেৰিকা আৰু ব্রিটেইনৰ ৰাষ্ট্রপ্রধান গ্রহণযােগ্যতাৰ সন্দৰ্ভত এই সমীক্ষাটো চলাইছিল।

সমীক্ষাত ভাৰতৰ প্ৰধানমন্ত্রীজনে ৭২ শতাংশ ৰেটিং লাভ কৰি শীর্ষস্থান দখল কৰাৰ বিপৰীতে ৬৬ শতাংশ ৰেটিঙৰে দ্বিতীয় স্থান দখল কৰে মেক্সিকোৰ ৰাষ্ট্রপতি আন্দ্রেছ মেনুৱেল ল’পেজ অ’ব্রাড’ৰে। আনহাতে, ইটালীৰ প্রধানমন্ত্রী মাৰিঅ’ ড্রাঘিয়ে ৬০ শতাংশ ৰেটিঙৰে তালিকাতা তৃতীয় স্থান লাভ কৰে।

১৩ জন বিশ্ব নেতাৰ তালিকাত আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনে ৪৩ শতাংশ ৰেটিঙৰে ষষ্ঠ স্থান দখল কৰে। কানাডাৰ প্রধানমন্ত্রী ট্ৰুডুৱে ৪৩ শতাংশ আৰু অষ্ট্রেলিয়াৰ প্রধানমন্ত্রী স্কট মৰিছনে ৪১ শতাংশ ৰেটিং লাভ কৰে।

Exit mobile version