গুৰুত্বপূৰ্ণ যন্ত্ৰাংশ এৰি ৭০ জন যাত্ৰী লৈ উৰা মাৰিল বিমান ,তাৰপাছত …..

1644397817 plane

ৰানৱেৰ পৰা বিমান উৰা মাৰিবলৈ লোৱাৰ লগে লগেই খুলি পৰিল ইঞ্জিনৰ ঢাকনি । এই গুৰুত্বপূৰ্ণ যন্ত্ৰাংশ এৰি আকাশৰ বুকুত উৰিলে বিমান । ৭০ জন যাত্ৰীক লৈ ।

যিকোনো সময়তে ঘটিব পাৰে ডাঙৰ দুৰ্ঘটনা । অৱশ্যে, আশংকা থাকিলেও শেষ পর্যন্ত অৱশ্যে দুৰ্ঘটনাটো সংঘটিত নহ’ল। কোনোক্ৰমে সুৰক্ষিতভাৱে গন্তব্যস্থানত উপনীত হ’ল বিমানখন।

কিন্তু সমগ্ৰ ঘটনাটো মুম্বাই বিমানবন্দৰলৈ বিয়পি পৰিছিল।সেই বিমানসংস্থাৰ বিৰুদ্ধে তদন্তও আৰম্ভ কৰা হৈছে।

দৰাচলতে, বুধবাৰে পুৱা এলায়েন্সৰ এটিআৰ ৭২-৬০০ বিমানখনমুম্বাই বিমানবন্দৰৰ পৰা গুজৰাটৰ ভুজলৈ উৰা মাৰিব বুলি নিৰ্ধাৰণ কৰা হৈছিল। বিমানখনে ৭০ জন যাত্ৰীৰ স’তে সময়মতে উৰা মাৰিছিল।

কিন্তু এলায়েন্স এয়াৰলাইনছৰ বিমানখন ৰানৱেৰ পৰা ওলাই যোৱাৰ লগে লগে এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হয়।

ৰানৱেৰ পৰা উৰা মৰাৰ পাছত, ইঞ্জিনৰ ঢাকনিটো হঠাতে খুলি তললৈ পৰি যায়। সেই অৱস্থাতে,বিমানখন ভুজলৈ বুলি উৰা মাৰে। যেতিয়া বিষয়টো এয়াৰ ট্ৰেফিক নিয়ন্ত্ৰণৰ দৃষ্টিগোচৰ হয়, তেওঁলোকে পাইলটজনক সতৰ্ক কৰে।

বিশেষজ্ঞসকলে কয় , ইঞ্জিনৰ ঢাকনি অবিহনে এখন বিমান উৰোৱাটো অতি বিপদজনক।ইয়াৰ ফলত ইঞ্জিনৰ ওপৰত এক ভয়ানক প্ৰভাৱ পেলায়। যিকোনো সময়তে দুৰ্ঘটনা সংঘটিত হ’ব পাৰে।

যদিও শেষত বিমানখন সুৰক্ষিতভাৱে গন্তব্যস্থানত উপনীত হয়। বিমানখনৰ ৭০ জন যাত্ৰী আৰু কৰ্মচাৰী সুৰক্ষিতভাৱে গুজৰাটৰ ভুজত উপস্থিত হয়।

কিন্তু তাৰ স্বত্তেও যাত্ৰীৰ সুৰক্ষাক লৈ প্ৰশ্ন উঠিছে । উৰণৰ আগতে বিমানখন কিয় সঠিকভাৱে পৰীক্ষা কৰা হোৱা নাছিল? ইঞ্জিনৰ ঢাকনি খোলা অৱস্থাত পাইলটে ইমান যাত্ৰীৰ জীৱন বিপদত পেলাই বিমান উৰাইছিল ?

কাৰ অৱহেলাৰ বাবে গোটেই ঘটনাটো ঘটিছিল, তেনে বহুতো প্ৰশ্নৰ উত্তৰ এতিয়াও দিয়া হোৱা নাই। ডিজিচিআইয়ে ইতিমধ্যে ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে। এয়াৰলাইনৰ ভূমিকাৰ অনুসন্ধান কৰা হৈছে।

Exit mobile version