Covid-19 Test : চাৰি মিনিটত ফলাফল পাব ক’ভিড পৰীক্ষাৰ,নতুন কিট চীনৰ

1636632002 china covid

মাত্ৰ চাৰি মিনিটৰ ভিতৰত পাব কৰ’না পৰীক্ষাৰ সঠিক ফলাফল । কৰ’না সংক্ৰমণ নিশ্চিত কৰিবলৈ পিচিআৰ পৰীক্ষা বিশ্বজুৰি সকলোতকৈ বেছি গ্ৰহণযোগ্য ।

অৱশ্যে তাত ফলাফল জানিবলৈ কেইবা ঘণ্টা সময় লাগে। ৰেট(ৰেপিড এন্টিজেন্ট টেষ্ট )ত সোনকালে ফলাফল জানিব পৰিলেও,বিভিন্ন সময়ত ৰিপৰ্ট সঠিক নাহে বুলিও অভিযোগ ।

নতুনকৈ আৱিষ্কৃত কিটৰ সন্দৰ্ভত, চীনে দাবী কৰে যে এই কিটটোৰ পিচিআৰ পৰীক্ষাৰ দৰে একে নিখুঁত ফলাফল থাকিব। অথচ ইয়াত বহুত কম সময় লাগিব। মাত্ৰ চাৰি মিনিট।

ছাংহাইৰ ফুডান বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এই কিটটো তৈয়াৰ কৰিছে। সোমবাৰে ‘নেচাৰ বায়োমেডিকেল ইঞ্জিনিয়াৰিং’ নামৰ এখন বিজ্ঞান আলোচনীত প্ৰকাশিত হৈছিল তেওঁলোকৰ গৱেষণাপত্ৰ ।

এই বছৰৰ আৰম্ভণিতে, অ’মিক্ৰনৰ প্ৰভাৱত সমগ্ৰ বিশ্বত সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছিল। বহুতো দেশত, পৰিস্থিতি লাহে লাহে নিয়ন্ত্ৰণলৈ আহিছে। ফলস্বৰূপে, বহুলোকে ক’ভিড বিধি সমূহ হ্ৰাস কৰাৰ কথা ভাবিছে।

অতিমাৰীৰ দুই বছৰ আন্তৰ্জাতিক সীমান্ত বন্ধ ৰাখিছিল । অহা ২১ ফেব্ৰুৱাৰীৰ পৰা টিকাৰ দুটা পালি লোৱা বিদেশীসকলৰ বাবে দেশৰ দুৱাৰ খোলা হ’ব বুলি জনাইছে প্ৰধানমন্ত্ৰী স্কট মৰিছনে ।

এনেদৰে, আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় বাণিজ্য আৰু বিশেষকৈ বিদেশী শিক্ষাৰ্থীসকলে যথেষ্ট সকাহ পাব। ৰাছিয়াই কৰ’না ৰোগীৰ সংস্পৰ্শলৈ অহা লোকসকলৰ বাবে বাধ্যতামূলক কোৱাৰেন্টাইন নিয়ম উঠাই লোৱাৰ পথত আছে। এই সকলোবোৰ সিদ্ধান্ত দেশসমূহে মুখ্যতঃ টিকাকৰণৰ আধাৰত লৈছে।

সেয়ে বাধ্যতামূলক টিকাকৰণৰ টিকানীতিৰ বাবে বিক্ষোভ -সমালোচনাৰ মুখত পৰিছে কে’বাখনো দেশৰ চৰকাৰ। বিগত এমাহ ধৰি বাধ্যতামূলক টিকাকৰণ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ চলিছে কানাডাত ।

আমেৰিকা-কানাডা আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰোঁতে ট্ৰাকচালকসকলৰ টিকাকৰণ কৰাটো বাধ্যতামূলক বুলি ঘোষণা কৰিছে জাষ্টিন ট্ৰুডোৰ চৰকাৰে ।

Exit mobile version