Karnataka Hijab Row : হিজাব বিতৰ্ক : শান্তি শৃংখলা বজাই ৰাখিবলৈ বেংগালুৰুৰ স্কুল-কলেজত দুসপ্তাহৰ বাবে জাৰি ১৪৪ ধাৰা

1644407858 hijab

হিজাব বিতৰ্কৰ ফলত হোৱা অশান্তি এৰি চলিবলৈ এইবাৰ বেংগালুৰুৰ সকলো বিদ্যালয়-মহাবিদ্যালয় আশে পাশে ১৪৪ ধাৰা জাৰি কৰিছে কৰ্ণাটক চৰকাৰে । বুধবাৰে জাৰি কৰা চৰকাৰী নিৰ্দেশনা অনুসৰি, এই ব্যৱস্থা ২২ ফেব্ৰুৱাৰীলৈকে কাৰ্যকৰী হৈ থাকিব।

পৰিৱেশ শান্ত কৰিবলৈ কৰ্ণাটকৰ বিজেপি মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাইৰ চৰকাৰে মঙলবাৰৰ পৰা তিনি দিন ৰাজ্যখনৰ সকলো শিক্ষাপ্ৰতিষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে ।শুক্ৰবাৰে বিদ্যালয় আৰু মহাবিদ্যালয় খোলাৰ পাছত ৰাজ্যৰ ৰাজধানীত নতুন নিয়মসমূহ কাৰ্যকৰী হ’ব।

বেংগালুৰুৰ আৰক্ষী আয়ুক্ত কমল পন্তে বুধবাৰে ১৪৪ ধাৰা জাৰি কৰাৰ কথা ঘোষণা কৰি কয়, “চহৰখনত উত্তেজনা আছে। নতুন প্ৰতিবাদৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। সেয়েহে শান্তি আৰু শৃংখলা বজাই ৰখাৰ বাবে সঠিক নিৰাপত্তা ব্যৱস্থা কৰাটো অত্যাৱশ্যকীয়। সতৰ্কতামূলক ব্যৱস্থা হিচাপে, বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ওচৰত ফৌজদাৰী দণ্ডবিধিৰ ১৪৪ধাৰা জাৰি কৰা হৈছে। “

তেওঁ কয় যে ২২ ফেব্ৰুৱাৰীলৈকে বাংগালুৰুত ২০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো সমাৱেশ বা বিক্ষোভ প্ৰদৰ্শন নহ’ব।

বিগত কেবাদিনত হিন্দুত্ববাদী সংগঠনসমূহে কৰ্ণাটকৰ বিভিন্ন শিক্ষানুষ্ঠানৰ সন্মুখত হিজাব নিষিদ্ধ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে।ওলোটাই হিজাবৰ সমৰ্থনত ওলাই আহিছিল মুছলমান শিক্ষাৰ্থীৰ একাংশ। চৰকাৰী সূত্ৰ অনুসৰি,এই পৰিস্থিতিত ডাঙৰ বিভ্ৰান্তি পৰিহাৰ কৰাৰ বাবেই এই পদক্ষেপ।

ইফালে, কৰ্ণাটক উচ্চ ন্যায়ালয়ে বুধবাৰে হিজাব গোচৰৰ শুনানি কৰে। ন্যায়াধীশ কৃষ্ণা দীক্ষিতে উদুপীত দাখিল কৰা গোচৰসমূহ হিজাব-নিষেধাজ্ঞাক প্ৰত্যাহ্বান জনাই পৰৱৰ্তী শুনানিৰ বাবে উচ্চতৰ বিচাৰপীঠলৈ প্ৰেৰণ কৰে।

বিগত মাহত কৰ্ণাটকৰ উদুপীৰ এখন মহাবিদ্যালয়ত হিজাব পৰিহিত ছাত্ৰ-ছাত্ৰীসকলক শ্ৰেণীত উপস্থিত থাকিবলৈ দিয়া নহয় বুলি অভিযোগ উত্থাপন কৰি বিতৰ্কৰ সৃষ্টি হৈছিল।

মহাবিদ্যালয় কৰ্তৃপক্ষই জিলা প্ৰশাসনৰ পৰা ‘বাৰ্তা’ পোৱাৰ পাছত হিজাব পিন্ধি চৌহদত প্ৰৱেশ নকৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল। মুছলমান শিক্ষাৰ্থীসকলে কিছুমান মুছলমান শিক্ষাৰ্থীক হিজাব পিন্ধি চৌহদত প্ৰৱেশ কৰাত বাধা দিয়াৰ অভিযোগত তাত প্ৰথম প্ৰতিবাদ আৰম্ভ কৰিছিল। হিজাবৰ ওপৰত নিষেধাজ্ঞা ৰখাৰ দাবীত জুড ৰাজ্যত আৰম্ভ হৈছিল প্ৰতিবাদ।

Exit mobile version