পঞ্জাৱৰ নিৰ্বাচনত এই প্ৰাৰ্থীয়ে প্ৰচাৰৰ লগতে প্ৰদান কৰিছে চিকিৎসা

2022 2largeimg 1565969534

পঞ্জাৱ বিধানসভাৰ নির্বাচনৰ প্ৰচাৰত এইবাৰ মল’ট সমষ্টিত আম আদমী পার্টি (আপ)ৰ প্রার্থী ডাঃ বলজিত কৌৰ জাতীয়ে সকলােৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সফল হৈছে।

দৰাচলতে চিকিৎসক প্রার্থীগৰাকীয়ে ৰাইজৰ মাজত নিজৰ নির্বাচনী প্রচাৰ চলােৱাৰ সময়ত ৰােগীক চকুৰ বিভিন্ন ৰােগ প্ৰসংগত চিকিৎসা সেৱা আৰু দিহা-পৰামর্শ প্রদান কৰিছে।

সমষ্টিটোৰ য’তেই ডাঃ বলজিতে প্রচাৰ চলাবলৈ যায়, তাতেই বহু লােকে চকুৰ চিকিৎসা বিচাৰি চিকিৎসক প্রার্থীগৰাকীক লগ কৰিবলৈ ভিৰ কৰিছে।

ডাঃ বলজিতেও নিজৰ প্ৰচাৰৰ পূর্বে বা পাছত এইসকল ৰােগীৰ পৰীক্ষা কৰি প্ৰয়ােজনীয় দিহা-পৰামৰ্শ তথা নিদান আগবঢ়াইছে। প্রায় প্রতিখন জনসভাতে এইদৰে ডাঃ বলজিতে নিজৰ প্রচাৰ চলােৱাৰ লগতে ৰােগীক প্রয়ােজনীয় দিহা-পৰামর্শ প্রদান কৰিছে। উল্লেখ্য যে ৰাজনীতিত প্ৰৱেশ কৰাৰ পূর্বে ডাঃ বলজিতে জিলা চিকিৎসালয়ত নেত্র শল্য চিকিৎসক হিচাপে ২২ বছৰ ধৰি সেৱা আগবঢ়াইছিল।

Exit mobile version